About Me

Thursday, May 7, 2020

মহাভাৰত চিন্তন

কুন্তী বনাম দ্ৰৌপদী

ভাৰতৰ কিছুমান আদিম জনজাতীয় সমাজত যৌথ বিবাহৰ প্ৰচলন অতীজৰে পৰা চলি আছে৷ য'ত একে মাতৃৰ সন্তানে ভাই বা ককাইৰ পত্নীৰ সৈতে সহবাস কৰাতো অপৰাধ বুলি গন্য কৰা নহয়৷ আনহাতে ব্ৰাহ্মণ্য সূত্ৰসমূহেও বহুস্বামীতাক মান্যতা দিয়াৰ উপৰি ঋকবেদত সূৰ্যৰ কন্যা সূৰ্যাই দুই ককাই ভাইক স্বামীবৰণ কৰাৰ উদাহৰণ আছে৷
ঠিক তেনেকৈ মহাভাৰতত কুন্তীয়ে বহুতক স্বামীবৰণ কৰিছে৷ বৈধভাৱে পাণ্ডুৰ উপৰি অবৈধভাৱে সূৰ্য, যম, বায়ু আৰু ইন্দ্ৰক স্বামীবৰণ কৰি সন্তান জন্ম দিছে কুন্তীয়ে৷ আমাৰ মহাকাব্য বা ধৰ্ম গ্ৰন্থসমূহত নায়ক বা নায়িকাই যেতিয়া অধৰ্ম বা অপকৰ্ম কৰিছে, তেতিয়া সেয়া দৈৱকৰ্ম বুলি দেৱত্বৰ ৰহন সানি তাক মহান কৰি তোলা হৈছে৷ সেয়ে কুন্তীৰ বহুস্বামীৰ সৈতে সহবাসো দৈৱকৰ্মৰূপে স্বীকৃত হৈছে৷
সেই কুন্তীয়েই দ্ৰৌপদীকো পাঁচ পাণ্ডৱৰ মাজত ভগাই সকলোৰে সৈতে সহবাস কৰিবলৈ উদগনি যোগাইছে৷ কিন্তু মহাভাৰতত সেয়া উপস্থাপন কৰা হৈছে মাতৃৰ আজ্ঞা পালন কৰাটো ধৰ্ম বুলিহে৷ কাৰণ পাণ্ডৱপক্ষক মহাভাৰতে নায়কৰ শাৰীত ৰাখি কাহিনী আগবঢ়াই নিছে৷

No comments:

Post a Comment

মহাভাৰত চিন্তন

কুন্তী বনাম দ্ৰৌপদী ভাৰতৰ কিছুমান আদিম জনজাতীয় সমাজত যৌথ বিবাহৰ প্ৰচলন অতীজৰে পৰা চলি আছে৷ য'ত একে মাতৃৰ সন্তানে ভাই বা ককাইৰ পত্নীৰ ...