১. প্ৰস্তাৱনাঃ-
আধুনিক অসমীয়া সাহিত্যৰ শক্তিশালী সৌধ নিৰ্মাতা
গৰাকীয়েই হ’ল লক্ষ্মীনাথ বেজবৰুৱা। একাধাৰে গল্পকাৰ, নাট্যকাৰ, গীতিকাৰ, কবি,
প্ৰৱন্ধকাৰ, ঔপন্যাসিক আৰু সুবক্তা হিচাপে তেওঁ কেৱল অসমীয়া ভাষা সাহিত্যতে নহয়,
সমগ্ৰ অসমীয়া জাতিটোৰ স্ৰষ্টা নিচাপে নিজৰ স্বকীয় প্ৰতিভাৰ স্বাক্ষৰ কৰি থৈ গৈছে।
অসমীয়া ভাষা সাহিত্যত এনে খুব কম লিখক আছে যি নিজৰ ৰচনা সদাপ্ৰাসংগিক ৰূপত
প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। সেইসকলৰ ভিতৰত লক্ষ্মীনাথ বেজবৰুৱা বিনাদ্বিধাই
অন্যতম। লক্ষ্মীনাথ বেজবৰুৱাৰ উপৰিও হেমচন্দ্ৰ গোস্বামী,
চন্দ্ৰকুমাৰ আগৰৱালা, গুণাভিৰাম বৰুৱা, বেণুধৰ ৰাজখোৱা, ডালিমচন্দ্ৰ বড়া, লক্ষীপ্ৰসাদ
চলিহা, ৰমাকান্ত বৰুৱা, কৃষ্ণপ্ৰসাদ
দুৱৰা, ৰমাকান্ত বৰকাকতি, গুণীন্দ্ৰনাথ
বৰুৱা, গোপালতন্দ্ৰ বৰুৱা, লক্ষেশ্বৰ শৰ্মা, তীৰ্থনাথ কাকতি,
কণকলাল বৰুৱা, কৃষ্ণকুমাৰ বৰুৱা, চন্দ্ৰকমল বেজবৰুৱা, ঘনশ্যাম বৰুৱা, কমলচন্দ্ৰ শৰ্মা আদি অসমীয়া সাহিত্যনুৰাগী যুৱকে ১৮৮৮ চনত কলিকতাত অসমীয়া
ভাষাৰ উন্নতি সাধিনী সভা নামৰ অনুষ্ঠানটি প্ৰতিষ্ঠা কৰি ‘জোনাকী’(১৮৮৯) কাকতৰ
যোগেদি অসমলৈ জোনাক আনি কৌটিকলীয়া আন্ধাৰ নাশিবলৈ বিচৰা বেজবৰুৱাৰ সমন্বিতে
সমসাময়িক লেখকসকলৰ ‘নিভাঁজ অসম-প্ৰেম’ সকলোবিধ
ৰচনাৰে আছিল মূল প্ৰেৰণা।
২. দেশাত্মবোধঃ-
মাতৃভূমিৰ প্ৰতি থকা প্ৰেম বা আকৰ্ষণবোধকেই
সাধৰণতে ‘দেশাত্মবোধ’ বুলি কোৱা হয়। লক্ষ্মীনাথ বেজবৰুৱাৰ
ৰচনাসমূহত ‘দেশাত্মবোধ’ বা ‘দেশপ্ৰেম’ বিষয়টিৰ ওপৰত আমাৰ আলোচনা আগবঢ়োৱাৰ আগতেই
‘দেশাত্মবোধ’ শব্দটোৰ ব্যুত্পত্তিগত
অৰ্থৰ বিষয়ে উনুকিয়াব বিছাৰিছোঁ। ‘দেশাত্মবোধ’ বা ইংৰাজী প্ৰতিশব্দ ‘পেট্ৰিয়টিজম্’ শব্দটো আমাৰ দেশত অষ্টাদশ শতিকাৰ দ্বিতীয়াৰ্দ্ধত জনসাধাৰণৰ মাজত বহুল
প্ৰচলিত হৈছিল। ‘পেট্ৰি’
(Patri) মানে পিতৃ আৰু ‘পেট্ৰিয়টিজম্’
(Patriotism) মানে হ’ল, “পিতৃভূমিৰ প্ৰতি প্ৰেম”। কিন্তু এই অৰ্থ আৰু তাত্পৰ্য এতিয়া কিছু বহল হ’ল। ই ‘ৰাষ্ট্ৰীয়তাবাদ’ বা ‘জাতীয়তাবাদ’ৰ প্ৰায় সমাৰ্থক হৈ পৰিল। পেট্ৰিয়টিজম্ শব্দটোৰ অসমীয়া প্ৰতিশব্দ দেশপ্ৰেম বা
দেশাত্মবোধ বুলি ক’লে প্ৰকৃততে পিতৃ ভূমিৰ প্ৰতি প্ৰেম নহয়, স্বদেশপ্ৰেমৰ কথাহে
বুজোঁ। এই স্বদেশপ্ৰেমৰ ধাৰণা আমাৰ দেশ ভাৰতবৰ্ষত স্বাধীনতা আন্দোলনত দেশৰ প্ৰতি
থকা ভালপোৱাই যেতিয়া বিদেশী শাসকৰ বিৰুদ্ধে থিয় দিবলৈ উদ্বুদ্ধ কৰিছিল, তেতিয়াৰ
পৰাই দেশপ্ৰেমৰ আবেগক কামত লগাবলৈ এই স্বদেশপ্ৰেম শব্দটোৰ ওপৰত ভেজা দিব লগাত
পৰিছিল। দেশখনৰ সীমা, শাসনতন্ত্ৰ আদি ৰাজনীতিগত ধাৰণাবোৰ সাধাৰণতে স্বদেশপ্ৰেমৰ
অন্তৰ্গত নহয়। মাতৃভূমিৰ প্ৰতি থকা এই ভালপোৱা সম্পুৰ্ণ ৰাজনৈতিক চেতনাৰ পৰা
মুক্ত। ৰাজনীতিৰ প্ৰতি সম্পুৰ্ণ উদাসীন বা বিৰাগ প্ৰদৰ্শন কৰা মানুহো স্বদেশপ্ৰমিক
হ’ব পাৰে, দেশখনৰ চাৰিসীমা নজনা এজন মানুহেও দেশখন গভীৰভাৱে
ভালপাব পাৰে। স্বদেশপ্ৰেম হ’ল এটি আধ্যাত্মিক ধাৰণা, যি
মানুহৰ অভ্যন্তৰত দেশমাতৃৰ প্ৰতি থাকে অপৰিসীম স্নেহ। চাৰ ৱাল্টাৰ স্ক’টৰ কবিতাৰ ভাষত ক’বলৈ
হ’লে- “Breathes there the man with soul so dead”, অৰ্থাত্ অন্তৰত দেশপ্ৰেম নোহোৱা মানুহ মানুহেই নহয়।
৩. বেজবৰুৱাৰ
দেশাত্মবোধঃ-
লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচনাত দেশাত্মবোধ বা
দেশ-প্ৰেম আৰু জাতীয়তাবাদ তেওঁৰ চৰিত্ৰৰ আটাইতকৈ উজ্জ্বল বৈশিষ্ট্য। আধুনিক অসমীয়া মানুহৰ চকুৰ
আগত নিজৰ চহকী ভাষা-সাহিত্য-সংস্কৃতিৰ ঐতিহ্যৰ লগতে অসমীয়া জাতিৰ অতীতৰ ধৰ্ম, সাহিত্য, সংস্কৃতি
সকলো ক্ষেত্ৰতে গৌৰৱৰ নিদৰ্শন বেজবৰুৱাই দাঙি ধৰিছিল। অসমীয়া মানুহক আত্ম সচেতন
কৰি তেওঁলোকৰ মনৰ পৰা হীনভাৱ দূৰ কৰি নিজ ঐতিহ্যৰ প্ৰতি শ্ৰদ্ধাশীল আৰু নিজৰ
ক্ষমতা বা প্ৰতিভাৰ ওপৰত আস্থাশীল কৰি তুলিবলৈ বেজবৰুৱাই অসমীয়া ভাষাৰ বিকাশ
ঘটোৱাত সৰৱ ভূমিকা লৈছিল।
বেজবৰুৱাৰ নিজৰ দেশৰ প্ৰতি থকা গভীৰ প্ৰেমৰ বাবেই
অসমৰ পৰ্বত-পাহাৰ, নৈ-জান-জুৰি, গছ-গছনি, পশু-পক্ষী-প্ৰকৃতি এই আটাইবোৰ বিষয় তেওঁৰ
ৰচনাত মূৰ্তমান হৈ উঠিছিল। বেজবৰুৱাৰ
বিষেশকৈ কৃপাবৰী ৰচনাসমূহ জাতি-ধৰ্ম-সম্প্ৰদায় নিৰ্বিশেষে চিৰকালেই আধুনিক অসমীয়া ভাষা
সাহিত্য, অসম, অসমীয়া মানুহ আৰু অসমীয়া সমাজৰ অতন্দ্ৰ প্ৰহৰী হিচাপে ইতিমধ্যেই
অসমৰ বিদ্ব্যত্ সমাজে স্বীকৃতি দিছে। ইয়াত কাৰো দ্বিমত নাই অথবা থাকিব নোৱাৰে।
তদুপৰি যি সময়ত এচাম আধুনিক অসমীয়া উচ্চ শিক্ষত লোকে অসমীয়া লোক-সংস্কৃতিৰ লগতে
বিহুৰ প্ৰতি বিষেশ শ্ৰদ্ধা বা আকৰ্শন দেখুওৱা নাছিল, সেই সময়ত বেজবৰুৱাৰ ৰচনাত
প্ৰকাশ পোৱা লোক-সংস্কৃতি বা বিহু সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধা বা আকৰ্ষণ এক
উল্লেখযোগ্য অৱদান।
৩. (ক) বেজবৰুৱাৰ গীত আৰু কবিতাত দেশাত্মবোধঃ- লক্ষ্মীনাথ
বেজবৰুৱাৰ স্বদেশপ্ৰীতি বা দেশাত্মবোধৰ উজ্জ্বল নমুনা ‘অ’ মোৰ আপোনাৰ দেশ’ গীতটিত ভূগোল আৰু ৰাজনীতিৰ কোনো
নাম-গোন্ধ নাই, আছে মাথো জন্মভূমিক ভালপোৱাৰ আবেগ। এনেধৰণৰ গীতে সকলো দেশৰ মানুহকে
নিজৰ দেশৰ বিষয়ে একেদৰেই অনুভৱ কৰোৱায়। উক্ত কবিতাটিত “কবি য’তেই নাথাকক এনেখন শুৱলা, এনেখন সুফলা মৰমৰ দেশ গোটেই জনমটো বিচাৰি পাত
কৰিলেও কতো নাপায়। অসমী আইৰ মুখখনি কবিয়ে বিচাৰি নাপায, কবিৰ হেঁপাহ নপলায়। এইখনেই
হৈছে কবিৰ “অ’ মোৰ আপোনাৰ দেশ/অ’ মোৰ চিকুনি দেশ”।” মাতৃভূমিৰ প্ৰতি এনে
সাৰ্বজনীন প্ৰেমানুভূতিৰ বাহিৰেও বেজবৰুৱাৰ এনে বহু গীত আৰু কবিতাত স্বকীয়
মাত-কথা, স্বকীয়-সংস্কৃতিৰ লগতে নিজৰ দেশ অসমৰ প্ৰতি তেওঁৰ গভীৰ ভালপোৱা ফুটি
উঠিছিল। অতীতৰ অসমৰ গৌৰৱোজ্জ্বল কাহিনী স্মৰণৰ মাজেদি বেজবৰুৱাই ৰচনা কৰা ‘বীণ-ব’ৰাগী’, ‘মোৰ দেশ’, ‘অসম সংগীত’, ‘আমাৰ জন্মভূমি’ আৰু ‘ব্ৰক্ষ্মপুত্ৰ সংগীত’ কবিতাকেইটাত
তেওঁৰ গভীৰ স্বদেশপ্ৰেমৰ ভাৱ স্পষ্ট আৰু প্ৰত্যক্ষ। ‘বীণ-ব’ৰাগী’ কবিতাটিত বুৰঞ্জীৰ সত্য পটন্তৰৰ পৰা পৌৰাণিক
সাহিত্যৰ অসম বা প্ৰাচীন কামৰূপৰ সৈতে জড়িত ঘটনা তথা চৰিত্ৰলৈ কৰুণ ৰূপত আগুৱাই
যাওঁতে কবিৰ মনলৈ এক ব’ৰাগী গীত আহিছে আৰু এনে শোক-উদ্দীপক
পটন্তৰৰ গীত গোৱাৰ পৰিবৰ্তে অতীতৰ গৌৰৱৰ কাহিনীবোৰ গাবলৈ কোৱাৰ লগতে ‘বীণ-ব’ৰাগী’ কবিতাটিত প্ৰকাশ
পাইছে সুস্থ আশাবাদ আৰু জাতীয় জীৱনৰ স্বৰূপ। বেজবৰুৱাৰ সুস্থ আশাবাদৰ আন এটি
উত্কৃষ্ট নিদৰ্শন ‘অসম সংগীত’ কবিতাটি।
অতীতৰ অসমৰ যশ কীৰ্তিৰ কথা সুঁৱৰি কবিয়ে সাহসেৰে ক’ব পাৰিছে-
“আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া
হম।/সকলো আছিল সকলো আছে নুশুণো নলওঁ গম।” উল্লেখনীয় যে, বেজবৰুৱাৰ ‘বীণ ব’ৰগী’ আৰু ‘অসম সংগীত’ কবিতা দুটাৰ কিছু সাদৃশ্য দেখা যায় আৰু জন্মভূমি অসমৰ কথা সুঁৱৰি কবিয়ে
দেশবাসীক স্বদেশপ্ৰেমত উদ্বুদ্ধ কৰিব বিচাৰিছে। ইফালে, মোৰ দেশ কবিতাটিৰ সন্দৰ্ভত
বেজবৰুৱাই জাতীয় গীত হিচাপে গ্ৰহণ কৰাৰ আনন্দ প্ৰকাশ কৰি ‘বাঁহী’ত লিখা কথাষাৰ মন কৰিবলগীয়া- “অজামিল উপাখ্যানৰ পদ
গাই এজন কণা মগনীয়াই দুৱাৰে দুৱাৰে ভিক্ষা কৰি ফুৰা দেখি মহাপুৰুষে তেওঁৰ প্ৰথম
সন্তান ভিক্ষাৰী হোৱা বুলি আক্ষেপ কৰিছিল। কিন্তু ‘মোৰ দেশ’ কবিতাটো জাতীয় গীত হিচাপে গৃহীত হৈ ৰাজৰাজেশ্বৰ হৈছে। গতিকে কবিৰ মনত
আনন্দৰ বাহিৰে নিৰানন্দৰ থল নাই।” আনহাতে বেজবৰুৱাৰ ‘আমাৰ জন্মভূমি’ শীৰ্ষক কবিতাটিৰ মাজেৰে অসমীয়াৰ
প্ৰিয় সম্পদৰাজিৰ কথা কৈ অসমীয়াৰ স্বভাৱটো প্ৰকাশ কৰি সজাগ কৰিবলৈ বিচাৰিছিল। ‘ব্ৰক্ষ্মপুত্ৰ সংগীত’ত ব্ৰক্ষ্মপুত্ৰৰ বুকুতে
নৌকাস্থ হোৱা কবিৰ পুনৰ ব্ৰক্ষ্মপুত্ৰৰ বুকুতে মৃত্য কামনা কৰি গভীৰ স্বদেশপ্ৰেমৰ
নিদৰ্শণ দাঙি ধৰিছে। বেজবৰুৱাৰ ‘কদমকলি’ হৈছে একমাত্ৰ কবিতাপুথি। ‘কদমকলি’ৰ কবিতাসমূহ কিছুমান তেওঁ নিজৰ নামেৰে লিখাৰ
লগতে আন কিছুমান কৃপাবৰ বৰুৱাৰ ছদ্মনামত লিখিছে। তেওঁ ছদ্মনামত লিখা কবিতাসমূহ
ব্যংগাত্মক আৰু খুহুতীয়া য’ত বেজবৰুৱাক বিশেষকৈ হাস্যৰসিক
হিচাপে বিচাৰি পোৱা যায়। আনহাতে তেওঁৰ কবিতাত বিশেষভাৱে ৰোমান্টিক মনৰ প্ৰতিচ্ছবি
অনুভৱ হয়। তেওঁৰ ‘ধনবৰ ৰতনী’, ‘নিমাতী কণ্যা’, ‘মালতী’, ‘ৰতনীৰ বেজাৰ’ আদি কেইবাটাও
পুৰণি লোকগীতৰ আৰ্হিত্ প্ৰেমমুলক কবিতা ৰচনা কৰাৰ লগতে ‘প্ৰিয়তমা’, ‘প্ৰিয়তমাৰ সৌন্দৰ্য’, ‘প্ৰেম’ আদি লোকগীতৰ প্ৰভাৱমুক্ত প্ৰণয়ৰ উত্কৃষ্ট
নিদৰ্শনো ৰচনা কৰি গৈছে। এইবোৰৰ মাজতেই বেজবৰুৱাৰ দেশাত্মবোধ উপলব্ধি কৰিব পাৰি।
৩. (খ)
বেজবৰুৱাৰ সাধুকথা, গল্প আৰু উপন্যাসত দেশাত্মবোধঃ- বেজবৰুৱা আছিল অসমীয়া লোক সাহিত্যৰ প্ৰথমজন সংকলক।
লোক-সাহিত্য সংগ্ৰহত লবলগীয়া বিজ্ঞানসন্মত যি পদ্ধতিৰ কথা বেজবৰুৱাই উল্লেখ কৰিছিল
সাম্প্ৰতিক কালৰ দেশী বিদেশী লোক-সংস্কৃতিৰ পণ্ডিত গৱেষকসকলেও সেই কথাকেই কৈছে।
অসমৰ মানুহৰ মুখে মুখে চলি অহা সাধুকথাবোৰ সংগ্ৰহ কৰি ‘বুঢ়়ী আইৰ
সাধু’(১৯১২) আৰু ‘ককাদেউতা আৰু নাতি ল’ৰা’ (১৯১৩) নামৰ সংকলন দুটিয়ে তেওঁৰ স্বদেশপ্ৰেমৰ
চানেকি দিয়াৰ লগতে লোক-সাহিত্য সংগ্ৰহৰ প্ৰতি বিজ্ঞানসন্মত চিন্তাধাৰাৰ পৰিচয় দাঙি
ধৰিছে।
মন কৰিবলগীয়া কথা যে বেজবৰুৱাই লোক সাহিত্য সংগ্ৰহ কৰি প্ৰকাশ কৰি সমগ্ৰ ভাৰতবৰ্ষৰ
জাতীয়তাবাদী আন্দোলনৰ লোক-সংস্কৃতিত পোহৰ পেলাই জাতীয় গৌৰৱ বৃদ্ধি কৰিছিল। প্ৰৱল
দেশাত্মবোধে বেজবৰুৱাৰ মানৱতাবাদী দৃষ্টিভংগীক কেতিয়াও সংকীৰ্ণ কৰিব পৰা নাছিল।
জাতীয়তাবাদৰ উদ্দেশ্য যিহেতু জাতিৰ উন্নতি আৰু
জাতিৰ সংবৰ্ধন, সেইয়ে জাতিটোৰ সমসাময়িক কালৰ দোষ-ত্ৰুটিবোৰ দেশবাসীৰ আগত দাঙি ধৰি
সংস্কাৰ বিচৰাটোয়েই আছিল বেজবৰুৱাৰ চুটিগল্পসমূহৰ অন্যতম উদ্দেশ্য। বেজবৰুৱাৰ
চুটি-গল্প সংকলন ‘সুৰভি’(১৯০৯) গল্পপুথিখনিত ‘গীতা’, ‘ফিৰিঙতিৰ পৰা
খাণ্ডৱদাহ’, ‘নিস্তাৰাণী দেৱী বা
ফাতেমা বিবি’, ‘প্ৰথম দৰ্শনত ওপজা
প্ৰেম’, ‘মাধৈমালতী’ আদিকৰি মুঠ ১২টা গল্প সংকলিত হৈছে। ‘পাতমুগী’, ‘ভদৰী’ আদিৰ দৰে ৰসোত্তীৰ্ণ
আৰু কলা-কৌশলপূৰ্ণ গল্পত গ্ৰাম্য সমাজৰ লগতে নাৰী নিপীড়নৰ
কথাৰে বেজবৰুৱাই দেশাত্মবোধৰ ভাৱ তুলি ধৰিছে। আনহাতে ইংৰাজৰ ভাল গুণবোৰ নুবুজাকৈয়ে
উপৰুৱা ইংৰাজী দণ্ডত উটি যাব খোজা এচাম অৰ্ধশিক্ষিত লোকে অসমীয়া সভ্যতা আৰু সমাজৰ
প্ৰতি অন্যায় সাধিব খোজাসকলক হাস্যৰসৰ গল্পৰ মাজেদি বেজবৰুৱাই তীব্ৰ ব্যংগ কৰিছিল। আনহাতে ‘চেনিচম্পা’ৰ দৰে সাধুকথা অসমীয়া সমাজৰ লৌকিক পৰম্পৰাৰ পৰা সৃষ্ট আৰু ‘ধোঁৱাখোঁৱা’ আৰু ‘লাওখোৱা’ৰ দৰে গল্প বিপৰীতধৰ্মী চেতনাৰে সমৃদ্ধ। তদুপৰি ‘চিলনীৰ
জীয়েকৰ সাধু’ৰ দৰে এক মৌখিক কাহিনী ‘আমালৈ
নাপাহৰিব’ৰ দৰে গল্পৰ বাস্তৱ কাহিনীলৈ ৰূপান্তৰ হোৱা দেখা
গৈছে। ‘আমালৈ নাপাহৰিব’ শীৰ্ষক গল্পটোত
এক দুৰ্দশাগ্ৰস্ত অসমীয়া জীয়ৰী বা বোৱাৰীৰ যাতনাৰ এক মৰ্মান্তিক কাহিনী প্ৰকাশ
পাইছে।
আ্নহাতে ‘জলকুঁৱৰী’ গল্পটোৰ কাহিনীটোত অন্য এক কাৰুণ্য,
স্নিগ্ধসিক্ত অসমীয়া ভাৱ-ভাষাৰ সৈতে নিবিড়ভাৱে সংযুক্ত ছবি প্ৰস্ফুটিত হৈছে। ভাব
আৰু ভাষাৰ এনে প্ৰাণস্পন্দন, অসমীয়া জাতীয়তা, বিশেষকৈ বেজবৰুৱাৰ লোকজীৱন আৰু
লোক-সংস্কৃতিৰ সৈতে থকা গভীৰতম আত্মীয়তাৰ পৰাহে এনে গভীৰ দেশাত্মবোধ নিগৰি আহিছে।
ইয়াৰ ওপৰি ‘কন্যা’, ‘ৰতনমুণ্ডা’, ‘এৰাবাৰী’, ‘দচমন্তৰ’ আদি গল্পৰ
পৰিস্থিতি ভিন্ন হ’লেও এক মানবিক পৰিচয়ৰ গাম্ভীৰ্যৰে ৰসসিক্ত
হৈ আওপকীয়াকৈ হ’লেও দেশাত্মবোধ বা দেশপ্ৰেমৰ ভাৱ প্ৰকাশ
পাইছে।
একেদৰে বেজবৰুৱাৰ একমাত্ৰ উপন্যাস ‘পদুম কুঁৱৰী’(১৯০৫)ত দুইধৰণৰ স্বদেশপ্ৰেমৰ নমুনা দেখুওৱাইছে। এফালে নামনি অসমৰ প্ৰতাপী
প্ৰজাই স্বদেশপ্ৰেমৰ উজ্জ্বল নিদৰ্শন দেখুৱাইছে আনহাতে আহোম শাসন কালত উপযুক্ত
শাসনৰ অভাৱত কিদৰে অসম দেশখনৰ শান্তি ব্যাহত হৈ ক্ষতি হৈছিল তাক দেখুৱাইছে।
ৰাজনৈতিক কাৰণত দুয়োটা অঞ্চলৰ মাজত বিভেদ থাকিলেও সাধাৰণ মানুহৰ মাজত কিদৰে মানৱীয়
টান বৰ্তি থাকে সেইয়া দোহাৰি তাৰ বাবে উত্সাহ দিছে।
৩. (গ)
বেজবৰুৱাৰ নাটকত দেশাত্মবোধঃ- নাট্যকাৰ হিচাপে
বেজবৰুৱাই ‘লিতিকাই’(১৯০১) নামৰ প্ৰহসনৰ যোগেৰে প্ৰথম খোজ পেলায়। ইয়াৰ পিছত ‘নোমল’(১৯১৩), ‘পাচনি’(১৯১৩), ‘চিকৰপতি-নিকৰপতি’(১৯১৩)
আদি অতিৰঞ্জিত ব্যংগাত্মক ৰচনাৰে, নিভাঁজ হাস্যৰসৰ সমাহাৰেৰে
নাটককেউখনক সজীৱতা প্ৰদান কৰিছে। সহজ-সৰল চৰিত্ৰ ব্যৱহাৰ আৰু কথা-বাৰ্তাৰ হাস্যপদ
এই নাটককেইখনত বিশেষভাৱে প্ৰতিফলিত হৈছে। আনহাতে ‘গদাধৰ’ নামৰ এখন ঐতিহাসিক ধেমেলীয়া একাংক নাটকত বেজবৰুৱাই এজন সাধাৰণ হজুৱা
গাঁৱৰ লোকক ছদ্মবেশী গদাধৰ কোঁৱৰ বুলি ভাবি ৰাজকীয় সন্মানেৰে আতিথ্য দান কৰিবলৈ
যোৱাৰ পৰিপ্ৰেক্ষিতত অসংযত আৰু হাস্যজনক পৰিৱেশ বিষয়বস্তু হিচাপে অংকন কৰিছে। ইয়াৰ
উপৰি তিনিটা দৃশ্যযুক্ত বেজবৰুৱাৰ ‘বাৰেমতৰা’ আৰু ‘হষবৰল’ নাটদুখনৰ অৱদান
উল্লেখযোগ্য।
জাতীয়তাবাদী ভাৱধাৰাই জাতীৰ আত্মপ্ৰত্যয় বঢ়োৱাৰ
বাবে আৰু স্বাধীনতা খৰ্বকাৰী শাসকক পৰাধীন জাতি হ’লেও নিজ জাতীৰ গৌৰৱময় ইতিহাসৰ
ঘটনা আৰু বীৰ-বীৰাংগনাসকলক বিভন্ন ধৰণে স্মৰণ কৰে আৰু বৰ্তমানৰ পোহৰলৈ উলিয়াই আনে।
বেজবৰুৱাৰ ‘চক্ৰধ্বজ সিংহ’(১৯১৫)
নাটকখনত আহোম ৰজা চক্ৰধ্বজ সিংহৰ ৰাজত্বকালত তেওঁৰ দৃঢ়তা আৰু মনোবলত আৰু সেনাপতি
লাচিত বৰফুকনৰ সাহস আৰু ৰণ দক্ষতাত অসমীয়া সেনাই প্ৰৱল পৰাক্ৰমী মোগল সেনাক
শৰাইঘাটৰ যুদ্ধত কেনেকৈ পৰাজিত কৰিছিল তাক দেখুৱাইছে। তদুপৰি ‘জয়মতী কুঁৱৰী’(১৯১৫) নাটকখনো আহোম ৰাজত্বৰ সমগ্ৰ
অসমীয়াৰ বাবে গৌৰৱৰ আদৰ্শ নাৰী সতী জয়মতীক লৈ ৰচনা কৰিছিল। য’ত বেজবৰুৱাই জয়মতীৰ দৰে এনে বিৰল প্ৰেম যি জাতিৰ নাৰীৰ মাজত থাকিব পাৰে,
সেই অসমীয়া জাতিৰ মহত্ত্ব কিমান সেইয়া প্ৰতিপন্ন কৰিব বিচাৰিছে। একেদৰে ‘বেলিমাৰ’(১৯১৫) নাটকখনৰ যোগেদি বেজবৰুৱাই আহোম
ৰাজত্বৰ শেষচোৱা সময়ৰ চিত্ৰ প্ৰকাশ কৰি পৰাধীন দেশবাসীক অতীতৰ স্বাধীনতা হেৰুওৱা
সকীয়নিৰে বৰ্তমান আৰু ভৱিষ্যতৰ বাবে সাৱধান কৰি দিছে। নিজৰ ভাষা-সংস্কৃতি বজাই
ৰাখিও মিলা-প্ৰীতিৰে অনা-অসমীয়া ভাষা-গোষ্ঠীৰ লোকে অসমীয়াৰ লগত একে জাতিৰ লোক হিচাপে
সৌহাৰ্দ্য অটুট ৰাখি লিংগুৱা-ফ্ৰাংকাত বা সংযোগী ভাষাত কেনেদৰে সম্পৰ্ক ৰক্ষা কৰিব
সেইয়া আন এটি উল্লেখনীয় বিষয়। বেজবৰুৱাই তেওঁৰ ‘জয়মতী কুঁৱৰী’ নাটকত ‘ডালিমী’ চৰিত্ৰটোৰ
যোগেদি স্বপ্নৰ অসমৰ পৰ্বত-ভৈয়ামৰ, অসমীয়া, অনা-অসমীয়া ভাষী-গোষ্ঠীসমূহৰ
মাজত সম্প্ৰীতিৰ এক আদৰ্শ চানেকী দেখুৱাইছে।
৩.
(ঘ) বেজবৰুৱাৰ প্ৰৱন্ধ আৰু নিৱন্ধত দেশাত্মবোধঃ- অসমৰ অনেক আগশাৰীৰ পণ্ডিতৰ
মতে, বেজবৰুৱাৰ অসমীয়া সাহিত্যলৈ গুৰুত্ত্বপূৰ্ণ বৰঙণি হৈছে শ্ৰীমন্ত শংৰদেৱৰ
ধৰ্ম, দৰ্শন আৰু আদৰ্শৰ লগতে অসমৰ সংস্কৃতিলৈ মহাপুৰুষজনাৰ যাউতীযুগীয়া দানসমূহৰ
ব্যখ্যাকাৰী তত্ত্বমূলক প্ৰৱন্ধবোৰ। ‘জোনাকী’ আলোচনীৰ তৃতীয়
বছৰ তৃতীয় সংখ্যাত বেজবৰুৱাই লিখা ‘দ্বাৰকানাথ ঠাকুৰ (১৭৯৪-১৮৪৬)’
বিষয়ৰ ৰচনাখনৰ পৰাই তেওঁ প্ৰৱন্ধকাৰ হিচাপে আত্মপ্ৰকাশ কৰে আৰু
চতুৰ্থ বৰ্ষৰ দশম সংখ্যাৰ পৰা তেওঁ জীৱন-জিজ্ঞাসামূলক ‘জীৱন
যুদ্ধ’ প্ৰৱন্ধ আৰু পঞ্চম বৰ্ষৰ চতুৰ্থ সংখ্যাৰ পৰা ‘অসমীয়া ভাষা’ শীৰ্ষক তেওঁৰ ঐতিহাসিক বিচাৰধৰ্মী
প্ৰৱন্ধলানি প্ৰকাশ হয়। ১৯৩৩ চনত ‘আৱাহন’ আলোচনীত প্ৰকাশিত ‘সমিধান’
নামৰ এটি লেখাত বেজবৰুৱাই অকপট স্বীকাৰোক্তি দিছে যে, তেওঁক
গঢ়ি তোলাত শংৰদেৱ-মাধৱদেৱৰ প্ৰভাৱ অপৰিসীম। এনেধৰনৰ লেখাত বেজবৰুৱাক তত্বজ্ঞ
প্ৰৱন্ধকাৰ হিচাপে প্ৰতিষ্ঠা কৰিছে। তদুপৰি অসমৰ ঐতিহ্য-ইতিহাস-দৰ্শন ফঁহিয়াই
অসমীয়া মানুহৰ নিষ্প্ৰাণ সত্তাক আত্মাত প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস বেজবৰুৱাৰ ৰচনাত
পৰিলক্ষিত হোৱাৰ উপৰি ইতিহাস, ভূগোল আৰু অন্যান্য জ্ঞান-বিজ্ঞানৰ অনেক সহজবোধ্য
পাঠ বেজবৰুৱাৰ ৰচনাৱলীত সিঁচৰতি হৈ আছে। অসমৰ প্ৰতিটো মানৱ সত্তাৰ পৰিপূৰ্ণ
উত্কৰ্ষ সাধনৰ লক্ষ্যৰে শিশুৰ পৰা প্ৰাপ্তবয়স্কলৈকে প্ৰযোজ্য হোৱা অনেক তথ্য আৰু
জ্ঞানসমৃদ্ধ সাহিত্য অসমীয়া পৰিৱেশ বা পটভূমিৰ লগত খাপ খুৱাই ‘কামত কৃতিত্ব লভিবল সংকেত’ নামৰ ৰচনাখন লিখিছিল। এই
ৰচনাখন মৌলিক নহয় যদিও মানৱ সভ্যতাৰ বিকাশৰ লগে লগে অসমীয়া মানুহৰ পুনৰুজ্জীৱনৰ
সৰ্বাত্মক অভিযানত বুনিয়াদী চিন্তাৰ পুনঃ পুনঃ চৰ্চাৰ প্ৰয়োজনীয়তাক অনুধাৱন কৰি
নতুন অভিযোজনেৰে ইয়াক নতুন সৃষ্টিলৈ উন্নিত কৰিছিল। ব্যক্তিত্বৰ সুস্থ, সবল আৰু
ৰুচিসম্পন্ন নিৰ্মাণৰ বাবে অসমৰ মানুহ আৰু অসমৰ পাৰিপাৰ্স্শিক পটভূমি চকুৰ আগত
ৰাখি দৈনন্দিন পালনীয় ৫০টা শিকন-সূত্ৰ নিৰ্মাণ কৰিছিল ‘কামত
কৃতিত্ব লভিবৰ সংকেত’ নামেৰে।
৩.
(ঙ) বেজবৰুৱাৰ কাৰ্টুন চিত্ৰত দেশাত্মবোধঃ- কাৰ্টুন হৈছে দ্বিমাত্ৰিক,
ব্যাখ্যাত্মক দৃশ্যকলা। অসমীয়া কবিতাই পুৰণি ৰং সলোৱা সময়চোৱাত ন-অসমীয়া লেখকসকলৰ
সন্দেহ বা জড়তা দুৰীকৰণৰ চেষ্টা বেজবৰুৱাই তেওঁৰ কাৰ্টুনসমূহৰ জৰিয়তে কৰিছিল।
অসমীয়া জাতীৰ স্বাভিমানৰ উন্মুক্ত প্ৰকাশ ঘটিছিল বেজবৰুৱাৰ কাৰ্টুন সমূহৰ মাজত। তদুপৰি কাৰ্টুনসমূহত
অন্তৰ্গত পাঠখিনিয়ে ভাৰতীয় পটভূমিত অসম আৰু অসমীয়াৰ স্বতন্ত্ৰ বৈশিষ্ট্যৰ
ঐশ্বৰ্যশালী আত্ম পৰিচয় প্ৰতিষ্ঠা কৰিছে। বেজবৰুৱাৰ কাৰ্টুনৰ ঐতিহাসিক মৰ্যাদা
প্ৰদাণ কৰি শশী শৰ্মাই কৈছে যে, “ভৱিয্যতত প্ৰতিজন অসমীয়াই ইয়াকো গৌৰৱ কৰিব
যে যি সময়ত ভাৰতত কাৰ্টুন শিল্পই প্ৰতিষ্ঠা লাভ কৰা নাছিল, তেতিয়াই অসমীয়া
লক্ষ্মীনাথে কাৰ্টুনৰ মাধ্যমত জাতীয় জীৱন সঞ্জীৱিত কৰি তুলি এটা সৰ্বভাৰতীয় আদৰ্শ
প্ৰতিষ্ঠা কৰি থৈ গৈছিল।” এইবোৰৰ ভিতৰতো বেজবৰুৱাৰ
দেশাত্মবোধে প্ৰাণ পাই উঠিছে। সাম্প্ৰতিক সময়ৰ গণমাধ্যমৰ লগত জড়িত
কাৰ্টুনিষ্টসকলে এনে সময়সচেতন চিন্তাৰে পৰিচালিত বুদ্ধিদীপ্ত প্ৰতিক্ৰিয়া থকা
বেজবৰুৱাৰ ৰসাল আৰু কলাত্মক প্ৰকাশশৈলীক অনুসৰণ কৰি নিজৰ প্ৰতিভা আৰু চিন্তা উন্নত
কৰাৰ আবশ্যকতা নিশ্চয় আছে।
৩. (চ)
বেজবৰুৱাৰ বক্তৃতাত দেশাত্মবোধঃ- অসমৰ ইতিহাসৰ মনোযোগী
পাঠক হোৱাৰ উপৰিও সমসাময়িক সৰ্বভাৰতীয় ৰাজনীতিৰ বিষয়েও বেজবৰুৱা সচেতন আছিল আৰু
ভাৰতীয় জাতীয় কংগ্ৰেছৰ বছেৰেকীয়া অধিৱেশনত তিনিবাৰকৈ অসমৰ হৈ প্ৰতিনিধিত্ব কৰিছিল।
সাহিত্যাচাৰ্য যতীন্দ্ৰনাথ গোস্বামীৰ মতে, “তেওঁ আছিল কংগ্ৰেছৰ অধিৱেশনত ভাষণ দিয়া
প্ৰথমজন অসমীয়া, যি ভাৰতৰ ৰাজনীতিৰ চিন্তাধাৰাৰ লগত অসমৰ চিন্তাধাৰাৰ সংযোগ ঘটাই
সৰ্বভাৰতীয় আদৰ্শ এটা দাঙি ধৰিলে।” তদুপৰি তেওঁ ১৯১৬ চনৰ
ডিচেম্বৰ মাহত গুৱাহাটীত বহা অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশনৰ সভাপতি আৰু ১৯২৪
চনত অসম সাহিত্য সভাৰ সভাপতি অভিভাষণ আছিল নানা তথ্য-পাতিৰে পৰিপূৰ্ণ। তদুপৰি এইবোৰ আছিল সাহিত্য তত্ত্বৰ
অপূৰ্ব সমালোচনা। এই অভিভাষনত তেওঁ সাহিত্যত পৰিবৰ্তন সম্পৰ্কত কৈছিল- “সাহিত্যত পৰিবৰ্তন
অৱশ্যে লাগে। নালাগে বুলিলেও পৰিবৰ্তন আহিবই আহিব। সেইবুলি দেখা দৰ্কাৰ যে সেই
পৰিবৰ্তনত ভাষাৰ আৰু সাহিত্যৰ প্ৰাণটো নাযায়। সাহিত্যৰ যিটো নিজৰ অন্তৰাত্মা, নিজৰ
স্বধৰ্ম, তাৰ পিঠিৰ ওপৰত পৰধৰ্মৰ গন্ধমাদন পৰ্বত তুলি দিলে তাক চেপা মৰা হ’ব মাথোন।” এনেধৰনৰ বক্তৃতাৰ পৰা বেজবৰুৱাৰ
পৰিবৰ্তনশীলতাৰ প্ৰতি থকা ধাৰণা স্পষ্ট হয়। তেওঁ উপলব্ধি কৰিছিল যে,
পৰিবৰ্তনশীলতাৰ বিপৰীতে হাত সাবটি বহি থাকিলে এটা ভাষা বা জাতিটো জগতৰ আগত
হাঁহিয়াতৰ পাত্ৰ হব আৰু কদাপি উন্নতি কৰিব নোৱাৰিব। এনেধৰণৰ চিন্তা তেওঁৰ বক্তৃতাৰ
মাজত প্ৰকাশ পাইছিল, য’ত দেশাত্মবোধৰ চেতনা উদ্বুদ্ধ হৈ
পৰিছিল।
৩. (ছ)
বেজবৰুৱাৰ কৃপাবৰী সাহিত্যত দেশাত্মবোধঃ- এটা জাতি গঢ়িবলৈ
ভাষা সংস্কৃতিৰ অতীত গৌৰৱৰ লগতে টনকিয়াল বৰ্তমান এটাৰ উপৰি এটা স্বাস্থ্যকৰ
সমসাময়িক সামাজিক পৰিবেশ অপৰিহাৰ্য। ইয়াৰ বাবেই বেজবৰুৱাই এখন নিকা আৰু সুস্থ সমাজ
সৃষ্টিৰ কামত মনোনিবেশ কৰিছিল। সমাজৰ অনেক দোষ-ত্ৰুটি, অনেক ভ্ৰান্ত ধাৰণা আঁতৰাই
এখন নিকা সমাজ গঢ়াৰ উদ্দেশ্যেই বেজবৰুৱাই কৃপাবৰী ৰচনাৰ যোগেদি হাস্যৰসাত্মক
ব্যংগৰসাত্মক সমাজ সমালোচনাৰ অৱতাৰনা কৰিছিল। বেজবৰুৱাৰ খুহুটীয়া কেটকুটীয়া মানস
চৰিত্ৰ আছিল কৃপাবৰ বৰুৱা (পিছলৈ বৰবৰুৱা)। ই অসমীয়া সাহিত্যৰ এটা চিৰস্মৰণীয়,
চিৰজীৱী আৰু চিৰশক্তিমান চৰিত্ৰ অথবা কৃপাবৰ আছিল এটা জাতীয় চেতনাৰ ভাৱ। বেজবৰুৱাৰ
সময়ৰ সুজলা সুফলা অসম জননীৰ বুকুৰ ধন। এই ৰসিক চৰিত্ৰ কৃপাবৰৰ তিনিটা গুণ- তেওঁ
অমৰ, তেওঁ হাড়ে-হিমজুৱে অসমীয়া আৰু অসমীয়া মনোজগতত তেওঁ হ’ল নিত্য
স্থায়ী। আনহাতে অসম আৰু
অসমীয়াৰ বাবে থকা উত্কন্ঠা, দুঃচিন্তা আৰু হতাশাৰ ভাৱৰ লগতে চিৰকলীয়া আৰ্শীবাদৰ
ভাৱ কঢ়িয়াই লৈ ফুৰা কৃপাবৰ চৰিত্ৰই প্ৰতিজন পাঠকক আজিও আলোড়িত কৰিছে। কৃপাবৰী
ৰচনাৰ মাজত বিচাৰি পোৱা যায় অসমীয়াৰ চিনাকি মানুহ, চিনাকি সমাজ আৰু চিনাকি সমস্যা।
বেজবৰুৱাই কৃপাবৰী ৰূপ ধাৰণ কৰাৰ মূল কাৰণ আছিল অধঃপতনৰ ফালে গতি কৰা অসমীয়া
সমাজখনৰ মানসিকতাক সচেতন কৰি পতনৰ পৰা ৰক্ষা কৰা।
৩. (জ)
বেজবৰুৱাৰ আত্মজীৱনী (মোৰ জীৱন সোঁৱৰণ)ত দেশাত্মবোধঃ- অসমৰ নদ-নদী,
গছ-বিৰিখ, চৰাই-চিৰিকটি. পাহাৰ-পৰ্বতৰ সৌন্দৰ্য আৰু অসমৰ বাৰেৰহনীয়া সংস্কৃতিৰ
লগতে প্ৰাচীন ঐতিহ্যই বেজবৰুৱাক অসমত জন্মি ক্ৰমে ক্ৰমে ডাঙৰ হোৱা কালচোৱাত কেনেকৈ
মুহি ৰাখিছিল সেইয়া তেওঁৰ স্মৃতিকথা ‘মোৰ জীৱন সোঁৱৰণত’
প্ৰতিফলিত কৰিছে। উনৈশ বছৰ বয়সত যেতিয়া বেজবৰুৱা কলিকতালৈ গৈ পাশ্চাত্যৰ নতুন
মানসিকতাৰ প্ৰতি উন্মুখ হৈ তেওঁৰ মনত অসমীয়া ভাষাৰ প্ৰাচীন আৰু লৌকিক দুয়োটা
চৰিত্ৰই যি মচিব নোৱাৰা সাঁচ বহুৱাইছিল, সেইয়া তেওঁ ‘মোৰ
জীৱন সোঁৱৰণ’ত এক অনবদ্য ৰূপত বৰ্ণিত কৰিছে। বিশেষকৈ ‘মোৰ জীৱন সোঁৱৰণ’ৰ প্ৰথমৰ পৰা ষষ্ঠ অধ্যায়লৈকে
বেজবৰুৱাৰ শৈশৱৰ পৰা কলিকতাত শিক্ষা গ্ৰহণ কৰিবলৈ যোৱালৈকে বৰ্ণনা কৰিছে য’ত অসমীয়া সমাজৰ প্ৰকৃত ছবি অংকিত হৈছে। তদুপৰি এই আত্মজীৱনীখনত পৰিস্ফুট
হোৱা অসমৰ লোকজীৱনৰ বিভিন্ন দিশৰ ভিতৰত লোকাচাৰ আৰু উত্সৱ অনুষ্ঠান, খাদ্যাভাস আৰু
খাদ্য বিতৰণ প্ৰণালী, লোকশিল্প, লোকবিশ্বাস, পাৰস্পৰিক সম্পৰ্ক, খেল-ধেমালি,
ধৰ্মীয় জীৱনৰ চিত্ৰ, আৰু কু-সংস্কাৰ আদি প্ৰতিফলিত হৈছে। সেই দিশৰ পৰাও বেজবৰুৱাৰ
নিজ জন্মভূমিৰ প্ৰতি থকা প্ৰেম বা দেশাত্মবোধৰ উমান পোৱা যায়।
৪. উপসংহাৰঃ-
পাশ্চাত্য মানবতাবাদ আৰু বৈঞ্চৱ দৰ্শন এই দুয়োটাৰ
সমাহাৰত গঢ় লৈ উঠিছিল তেওঁৰ জীৱনবোধ আৰু এই জীৱনবোধে আধুনিক অসমীয়া সাহিত্যৰ
প্ৰেমস্পন্দৰ বেগ সঠিকভাৱে নিৰ্ণয় কৰি দিছিল আৰু ইয়াত প্ৰয়োজনীয় উত্তাপো দান
কৰিছিল। বেজবৰুৱা প্ৰমুখ্যে সমসাময়িক লেখকসকলে ঘাইকৈ অসমীয়া ভাষাৰ মৰ্যাদা
প্ৰতিষ্ঠা কৰাত গুৰুত্ব দিছিল। মানসিকভাৱে সবল, সচেতন আৰু সক্ৰিয় নোহোৱা কোনো
জাতিয়ে ৰাজনৈতিক স্বধীনতা লাভ কৰিলেও সৰ্বতোপ্ৰকাৰৰ বিকাশ লাভ কৰা সম্ভৱ নহয়।
সেইয়ে ‘জোনাকী’ যুগৰ বেজবৰুৱা প্ৰমুখ্যে সেই অসমীয়া
যোদ্ধাসকলে জাতীয় চেতনা জগাই অসমীয়া মানুহক অজানিতেই ৰাজনৈতিক চেতনা আহৰণ কৰিব
পৰাকৈ প্ৰস্তুত কৰি তুলিছিল।
বেজবৰুৱাই যি সময়ত হাতত কলম তুলি লৈছিল, সেই সময়ত
অসম ব্ৰিটিছৰ পৰাধীন হৈ আছিল আৰু বঙলা ভাষাৰ আধিপত্য বা প্ৰাধান্যতা আছিল। কিন্তু
বঙলা ভাষাটোযে অসমীয়া ভাষাতকৈ কোনো কাৰণতে উন্নত নহয় আৰু অসমীয়া ভাষা এটা সম্পূৰ্ণ
পৃথক ভাষা তাক বুজাবৰ বাবে লক্ষ্মীনাথ বেজবৰুৱা প্ৰমুখ্যে সেই সময়ৰ অসমীয়া
লেখকসকলে প্ৰত্যাহ্বান স্বৰূপে প্ৰদক্ষেপ গ্ৰহণ কৰিছিল। তদুপৰি সেই সময়ত নানা
অন্ধবিশ্বাস, কানি ৰাগী, মিছা ভেমত বুৰ গৈ থকা অসমীয়া জাতিটোক সচেতন কৰি তুলিবলৈ
বেজবৰুৱাই হাস্য-বংগ লিখনিসমূহৰ যোগেদি অহোপুৰুষাৰ্থ কৰিছিল। বেজবৰুৱাৰ এনে কৰ্ম
নিদৰ্শনসমূহৰ পৰাই তেওঁৰ অসম তথা অসমীয়া জাতি-ভাষা-সংস্কৃতিৰ প্ৰতি থকা দুৰ্বাৰ
দেশপ্ৰেম বা দেশত্মবোধৰ মূল্যায়ন কৰিব পৰা যায়।
সহায়ক গ্ৰন্থঃ-
১।
বেজবৰুৱা ৰচনাৱলী (প্ৰথম, তৃতীয়, চতুৰ্থ আৰু পঞ্চম খণ্ড) সম্পাদনাঃ নগেন শইকীয়া।
২।
লক্ষ্মীনাথ বেজবৰুৱা, সম্পাদনাঃ অৰিন্দম বৰকটকী আৰু অজিত ভৰালী।
৩।
সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা, যতীন্দ্ৰনাথ গোস্বামী।
৪।
অসমীয়া জাতিচিন্তা, গোবিন্দ প্ৰসাদ শৰ্মা।
৫। কবি আৰু কবিতা, নন্দ তালুকদাৰ।
৬।
অসমীয়া জন-সাহিত্য, ডঃ প্ৰফুল্ল দত্ত গোস্বামী।
৭।
অসমীয়া নাট্য সাহিত্য, সত্যেন্দ্ৰনাথ শৰ্মা।
৮।
সাদিন- ৮ নবেম্বৰ, ৩ মে’, ২ আগষ্ট ২০১৩।
৯।
গৰীয়সী- জুন, জুলাই, ডিচেম্বৰ ২০১৩ আৰু
ডিচেম্বৰ ২০১০।

No comments:
Post a Comment