অপেক্ষাৰ দহনত বুকু মোৰ হমহমাই
অস্থিৰতাই উশাহৰ গতি বঢ়াই
প্ৰেমৰ ছৱি এখন আঁকিবলৈ
খুব হেঁপাহ আছিল...
সহাৰি বিহীনতাৰ দুখ৷
পাতবাহাৰজোপাৰ দৰে
তুমিও বহুৰঙী
সেয়ে মই বুজিব নোৱাৰিলো
তুমি বিচাৰা কি
মই যেতিয়াৰ পৰা তোমাৰ
online লৈ
আগ্ৰহেৰে ৰৈ নথকা হলো
তেতিয়াৰ পৰা তুমি
ofline নোহোৱাই হলা
তুমি যদি মোক ভালপাব নোৱাৰা
তেনেহলে অস্বীকাৰ নকৰিলা কিয়
মোৰ প্ৰেমৰ প্ৰস্তাৱ, দিলা যে মাথো অজুহাত৷
মই জানো,
বুকুৰ নিভৃত কোণত
আছে মোৰ প্ৰতি এবুকু নিৰ্ভেজাল ভালপোৱা
কাৰণ,
মোৰ প্ৰস্তাৱত
তুমি না কৰিব পৰা নাছিলা৷
শেষৰ মেচেজটো পাই যিদৰে হে হৰি বুলি
হুমুনিয়াহ কাঢ়ছিলা, সেইদৰেই মোৰ
অনুভৱৰ মাজত তুমি শিপাই থাকিবা
প্ৰেম প্ৰেম বুলি হৃদয় দিকহাৰা
নিজে দিব নোৱাৰু সঠিক ঠিকনা
এই কবিৰ লঠঙা ডালত
প্ৰেমৰ গুনগুন সুৰ এটি
তুমি আহি দিবা বুলি গুজি
আছো মই অধীৰ হৈ হৈ
শীতে
কোঙা কৰা কঙাল ৰাতি...।
সপোন বিলাসী জীৱন এটাৰ ভাজত
তাই হেৰাই গল মোক বুকুৰ বিশটো গুজি দি
যন্ত্ৰণাকাতৰ মোৰ ৰাতিবোৰ নাযায়
নুপুৱাই
যিবোৰ তাই আজি অনুভৱ নকৰে!

No comments:
Post a Comment