এগৰাকী
নাৰীৰ বিষন্নতাত বুৰ গৈ
এমুকুৰা হাঁহি গুজি দিলো তেওঁৰ বুকুত
তেওঁ সান্নিধ্য বিচাৰি হৈ পৰিল ব্যাকুল
এদিন ম’বাইলত
মেচেজ আহিল-
গুড নাইট মাই লিটল হাৰ্ট...।
এদিন কলে- মোৰ শেহতীয়া সপোন এটা ওলাইছে
আনি দিয়ানা কাকতখন মোক,
হয়তু আজিয়েই খহি পৰিব পাৰে
তোমাৰ নিহালীত মোৰ অনুভৱৰ পপীয়া তৰা,
পাই যাব পাৰা বাসনাৰ চৰম তাড়না...।
এদিন তেওঁৰ উন্মনা ঢৌবোৰ মোৰ বুকুত নাছিছিল
সেঁউজীয়াৰ পৰা হালধীয়া হৈ নীলাত বিলীন হৈ পৰিছিল...।
মোৰ সমূখতে হৈ পৰিছিল শূণ্যতাৰ এখন কেনভাচ...।
সেই শূন্যতা মোৰ হাতেৰে ধুকি নোপোৱা,
আকাশৰ সীপাৰৰ... সৌ তাত আজি
কেৱল স্মৃতিৰ বুকুচাত উঠি ফুৰে তেওঁৰ কেনভাচ...।
কেৱল স্মৃতিৰ বুকুচাত...।
মোৰ দুহাতেৰে ঢুকি পাব নোৱাৰি,
চুলিৰ তীব্ৰ গোন্ধৰ নিচান এটি পাব নোৱাৰি,
কথাৰ ঢৌত খেলি খেলি উটি যাব নোৱাৰি,
হাঁহিৰ মূৰ্চনাত আজি বুৰ যাব নোৱাৰি,
মোৰ হৃদয়ত কুষ্ঠৰুগে শিপা মেলিছে...।
তেওঁ আজি সপোন আৰু স্মৃতিৰ সীপাৰে...
মোৰ পৰা নিৰ্ভয় দূৰত্বত
জীৱনৰ পোখা মেলিছে...।

No comments:
Post a Comment