“অযুত আশা লৈ এজাক সেঁউজীয়া
চৰাই উৰি যায়
সৌ বেঙুনীয়া ডালটোত বহি জীৱনৰ
গীত গায়...”
অখ্যাত কবিৰ এই কবিতাফাঁকিৰেই
যেন বৰ্ণনা দিব পাৰি লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ৰ। খিলখিলীয়া হাঁহিৰে এজাক গাভৰু
সোমাই যায় সেঁউজীয়া ফুটুকীয়া দোপাট্টা লৈ আৰু সেঁউজেৰে উপচায় পেলায় মহাবিদ্যালয়ৰ চৌপাশ।
হাজাৰজনী ৰূপহী গাভৰুৰ খিলখিল হাঁহিত প্ৰাণ পায় উঠে ঐতিহ্যমণ্ডিত লক্ষীমপুৰ বালিকা
মহাবিদ্যালয়ৰ বাকৰি। হাজাৰ আশা লৈ যাৰ বুকুলৈ
জোনাইৰ পৰা গহপুৰলৈকে প্ৰায় তিনিখন জিলাৰ এজাক পখিলা উৰি আহে আৰু জ্ঞানৰ অেন্বষণ কৰে।
লক্ষীমপুৰ চহৰৰ মাজমজিয়াৰ খেলমাটিত অৱস্থিত লক্ষীমপুৰ বালিকা মহাবিদ্যালয় হৈছে লক্ষীমপুৰৰ
সম্পদ- লক্ষীমপুৰৰ গৌৰৱ। বিভিন্ন ক্ষেত্ৰত এই মহাবিদ্যালয়খনৰ ছাত্ৰীয়ে অসম তথা ভাৰতবৰ্ষৰ
প্ৰেক্ষাপটত নিজৰ নাম উজ্জ্বলাই ৰাখিবলৈ সক্ষম হৈছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয়
যুৱ মহোৎসৱতো বিভিন্ন বিভাগত বঁটা অৰ্জন কৰিবলৈ সক্ষম হৈছে লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ৰ
দল। উল্লেখযোগ্য যে একাংকিকা নাটকৰ ক্ষেত্ৰত অসমৰ ভিতৰতে উল্লেখনীয় মহাবিদ্যালয় হৈছে
লক্ষীমপুৰ বালিকা। আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱত এই মহাবিদ্যালয়ৰ নাট্যদলে কেইবাবাৰো
পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছ। তদুপৰি শিক্ষা-সাহিত্য-সংস্কৃতি-তৰ্ক ইত্যাদি বিভিন্ন
ক্ষেত্ৰত বিভিন্ন প্ৰেক্ষপটত লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ে দপ্দপাই আছে। তদুপৰি যোগ
শিক্ষা, কাৰাটে, কুচকাৱাজ, এথলেটিক আদি বিভিন্ন ক্ষেত্ৰত লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ৰ
ছাত্ৰীয়ে বিভিন্ন সময়ত সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে যিটো লক্ষীমপুৰবাসীৰ বাবে গৌৰৱৰ
বিষয়। তদুপৰি NAAC ৰ A Grade প্ৰাপ্ত অসমৰ এখন উল্লেখযোগ্য বালিকা মহাবিদ্যালয় হৈছে
লক্ষীমপুৰ বালিকা মহাবিদ্যালয়।
এই মহাবিদ্যালয়খনিৰ আলহী হৈ
কিছুদিন আগতে সৌভাগ্যক্ৰমে মহাবিদ্যালয় চৌহদত প্ৰৱেশ কৰিবলৈ পায় এনে লাগিছিল যেন- চৌপাশে
ফুলি আছে অনেক হেঁপাহৰ গুটিমালতি... জীৱনবোধৰ আখৰাত ব্যস্ত চৌহদত অজস্ব গাভৰুৰ খিলখিল
হাঁহি... এয়া যেন অন্য এক বৃন্দাবনৰ আকৰ্ষণে মোক তানি লৈ গৈছে... মই জীৱনবোধৰ বাবে
জুমি চাইছো.... অযুত গাভৰুৰ বুকুত ফুলি উঠিছে হাজাৰ বিজাৰ সপোনৰ উন্মেষ। সঁচাই এয়া
এক অনন্য উন্মাদনা, জীৱন উপলব্ধিৰ তাড়না।
সাহিত্য সংস্কৃতিৰ উপৰিও ক্ৰীড়াৰ
ক্ষেত্ৰটো নাম উজ্জ্বলাই সোণোৱালী ইতিহাসত নিজৰ স্বাক্ষৰ ৰাখিবলৈ সক্ষম হৈ আহিছে লক্ষীমপুৰ
বালিকা মহাবিদ্যালয়খনে। মহাবিদ্যালয় চৌহদত সোমায় গাভৰুবোৰৰ হাঁহিবোৰৰ মাজেৰে পাৰ হৈ
গৈ দেখিলো কাঠেৰে নিৰ্মিত এখন শৰাইৰ ওপৰত থিয়কৈ ৰখোৱা এখন ফলিত সুন্দৰকৈ কেইষাৰীমান
বাক্য লিখা আছে। ফলিখনৰ ওপৰতে ফুলাম গামুচাত লিখা আছে - ‘নিনাদ’ বুলি। মই ‘নিনাদ’ৰ
আঁৰৰ কাহিনী খুচৰিলো। এটা ব্যতিক্ৰমী চিন্তাৰ উন্মেষ হোৱা দেখি ‘নিনাদ’ৰ কাহিনী খুচৰি
মই পালোগৈ ইতিহাস বিভাগৰ অধ্যাপক নিপন পাংগিংদেৱৰ ওচৰত।
‘নিনাদ’ৰ অৰ্থ চিঞৰ। প্ৰায়
দুমাহমান আগৰে পৰা মহাবিদ্যালয়খনিত দৈনিক এই চিঞৰ দিয়া হয়। ছাত্ৰীসকলৰ চিঞৰ এয়া। তেওঁলোকৰ
সুপ্ত প্ৰতিভাসমূহ বিকাশৰ এয়া এখন প্লেটফৰ্ম। অধ্যক্ষ ডঙ্ম সূৰজিৎ ভূঞাৰ নেতৃত্বত এই
‘নিনাদ’ৰ পৰিচালনা কৰিছে ইতিহাস বিভাগৰ অধ্যাপক নিপন পাংগিংদেৱে। কেতিয়াবা যদি ‘নিনাদ’ত
আঁৰি থোৱা আছে এটা সুন্দৰ উপভোগ্য কবিতা, আন কেতিয়াবা এখন সুন্দৰ পেইন্টিঙে ৰহন চৰাই
‘নিনাদ’ৰ বুকুত। তেনেকৈয়ে চুটি গল্প বা কেতিয়াবা মহৎ বাণী, আদিৰে সজ্জিত হৈ প্ৰতিদিনাই
একোটা নতুন চিঞৰ মাৰে মহাবিদ্যালয়খনৰ সৃষ্টিশীল সপোনৰ বুকুত দেও দি নচা গাভৰুবোৰে।
‘নিনাদ’ৰ পৰিচালক পাংগিংদেৱৰ পৰা আৰম্ভণিৰ পৰা প্ৰকাশ হোৱা সৃষ্টিকৰ্মসমূহ চকু ফুৰাই
অনুভৱ কৰিলো যে, সঁচাই এয়া এক অনন্য আৰু ব্যতিক্ৰমী চিন্তা, য’ত মহাবিদ্যালয়ৰ ছাত্ৰীসকলৰ
দৈনিক নতুন নতুন চিন্তাৰ প্ৰকাশ ঘটিছে। তাৰ কেইটামান তলত দাঙি ধৰাৰ প্ৰয়াস কৰিলো।
তেনে এগৰাকী সপোন সন্ধানী
যমুনা বৰুৱাই লিখিছে- “জীৱনক ক’বলৈ মন যায়/সময়বোৰক কৈ দিবি/ কাকো দুখ নিদিবলৈ।” দেশপ্ৰেমৰ
অনুৰণেনৰে মিনাক্ষী শইকীয়াই লিখিছে- “গুণ গৰিমাৰ বান্ধোনত বিভোৰ/তুমি মোৰ প্ৰাণৰ স্বদেশ/জাতি
ধৰ্ম ভাষা নিৰ্বিশেষে/সকলো মিলি আমি এক।” মিতালী গগৈ নামৰ এগৰাকীয়ে নাৰীৰ উচুপনি শীৰ্ষক
এটি কবিতাত লিখিছে- “নদীখনৰ শেষ মোহনাতহে/তেওঁ থমকি উচুপে নীৰৱে/নদীৰ পাৰ ভাগে/গছৰ
পাত সৰে/আকাশেও কান্দে।” সপোনৰ ৰং বিচাৰি হাবাথুৰি খোৱা এগৰাকী যুৱতী খ্যাতিশ্ৰী হাজৰিকাই
লিখিছে- “সপোনৰো ৰং থাকেনে/থাকেনে দীঘ প্ৰস্থ অথবা আয়তন/উলিয়াব পাৰিনে সপোনৰ কালি/সপোনৰ
উৎস ক’ত/ দুচকুত সনা থাকে নেকি/সপোনৰ আলফুল কোমল পাহিবোৰ।”
কেৱল কবিতাই নহয়। ‘নিনাদ’ত
দৈনিক প্ৰকাশিত অনেক চিন্তাৰ মাজত প্ৰকাশ হয় বিভিন্ন দিনৰ বিশেষ বা বাতৰিৰ বা আবিস্কাৰ
আদিৰ বিৱৰণ। উদাহৰণ স্বৰূপে জম্মু কাস্মীৰৰ পৰা অনুচ্ছেদ 370 আৰু 35 (A) প্ৰত্যাহাৰ,
সুষমা স্বৰাজৰ মৃত্যু, চন্দ্ৰজান মিছন-2, আদি বিষয়ে ‘নিনাদ’ত ঠাই পাইছে। আন কেতিয়াবা
‘চিৰ চেনেহী মাতৃভাষা’ শীৰ্ষক লেখাত ময়ূৰী তামুলীয়ে মাতৃভাষাৰ প্ৰতি অনাদৰ ভাৱ ননাকৈ
আমি অন্য ভাষা শিকাৰ প্ৰয়োজনীয়তাৰ ওপৰত চমুকৈ লিখিছে।
‘নিনাদ’ মহাবিদ্যালয়ৰ প্ৰতিটো
বিভাগৰে প্ৰতিগৰাকী ছাত্ৰীয়ে নিজৰ চিন্তা প্ৰতিফলন কৰাটো বাধ্যতামূলক কৰিছে। যাৰ বাবে
ছাত্ৰীসকলে অধ্যয়ন কৰাতো অতিকে জৰুৰী হৈ পৰিছে। মহাবিদ্যালয়ৰ ছাত্ৰীসকলৰ মাজত পাঠ্যক্ৰমৰ
ওপৰিও অন্যান্য কাকত আলোচনী তথা বাহিৰা কিতাপ পঢ়ি সাহিত্য সৃষ্টিৰ এক ধাৰা প্ৰবৰ্তন
হোৱা বতৰাই আমাৰ লগতে অনেকজন সুধী সমাজত সন্তুষ্টিৰ ভাৱ জগাব। থাওকতে পোৱা ‘নিনাদ’ৰ
পূৰ্বৰ সংখ্যাবোৰত প্ৰকাশ পোৱা উপৰুক্ত চিন্তাবোৰৰ যোগেদি মহাবিদ্যালয়ৰ ছাত্ৰীসকলৰ
মাজত অধ্যয়ন সচেতনতা আৰু সৃষ্টিশীলতাৰ ভাৱ জাগৃত হ’ব বুলি আশা কৰিব পাৰি। তেওঁলোকৰ
এই অনন্য ব্যতিক্ৰমী চিন্তাই সাৰ্থকতা লাভ কৰক আৰু অসমৰ অন্যান্য শিক্ষানুষ্ঠানসমূহেও
এই আদৰ্শ গ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীক সৃষ্টিশীলতাৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ প্ৰয়াস কৰিব
বুলি আশা কৰিলো।


No comments:
Post a Comment