About Me

Saturday, October 19, 2019

'মঙ্গলবোধ জাগৰণ কেন্দ্ৰ'ৰ সাহিত্য যাত্ৰা আৰু ‘গ্ৰন্থগাঁও’


সাহিত্যৰ অভিনৱত্ব উপলব্ধি কৰা এচাম চিন্তাশীল ব্যক্তিৰ আগ্ৰহত লখিমপুৰত ধাৰাবাহিকভাৱে চলি আছে ‘নতুন পঢ়ুৱৈ সৃষ্টিৰ অভিযান’ শীৰ্ষক কাৰ্যসূচী। মানৱীয়তা, প্রকৃতি, ভাষা-সংস্কৃতি, শিক্ষা আৰু স্বাস্থ্যৰ উত্তৰণত উৎসৰ্গিত এটা অগ্ৰণী সামাজিক অনুষ্ঠান ‘মংগলবোধ জাগৰণ কেন্দ্ৰৰ উদ্যোগত লখিমপুৰৰ প্রায়বোৰ শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰীক গ্ৰন্থ অধ্যয়নৰ প্রতি আগ্ৰহী কৰিবলৈ সক্ষম হোৱাৰ লগে লগেই আন এটা নতুন চিন্তাই মংগলবোধ জাগৰণ কেন্দ্ৰৰ চিন্তাশীল ব্যক্তিসকলৰ মনত বাহ বান্ধিলে। সেয়া হ’ল ‘গ্রন্থগাঁও'ৰ চিন্তা।

তিনিটা ‘গ’ক আধাৰ হিচাপে লৈ ‘গ্রন্থগাঁওৰ প্রতিষ্ঠাৰ চিন্তাটো ‘মংগলবোধ জাগৰণ কেন্দ্ৰই আগবঢ়াই নিছে। সেয়া হ’ল--- গ্ৰন্থ, গছ আৰু গঠন। গ্ৰন্থৰ চিৰ মংগলময় দিশটোৰ প্রতি লক্ষ্য ৰাখি হাতে হাতে গ্ৰন্থ, ঘৰে ঘৰে গ্ৰন্থ তুলি দিয়াৰ পোষকতা কৰিছে ‘মংগলবোধ জাগৰণ কেন্দ্ৰ'ই। আনহাতে গছেহে জীৱনৰ প্ৰকৃত স্বাৱলম্বিতা আনে। সেয়ে গছ- মানুহৰ আত্মিক সম্বন্ধক সুদৃঢ় কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে। ‘গঠন’ৰ জৰিয়তে মানৱ জীৱনৰ সৰ্বাংগীণ ইতিবাচক গঠনৰ দিশটোক প্রাধান্য দিয়া হৈছে। ‘মংগলবোধ জাগৰণ কেন্দ্ৰ’ৰ শিক্ষানুষ্ঠানসমূহৰ ছাত্ৰ-ছাত্ৰীসকলক সজাগতাৰ বাবে লোৱা লৈছিল। কিন্তু ‘গ্ৰন্থগাঁও’ কাৰ্যসূচীত লখিমপুৰৰ উপৰি অসমৰ বিভিন্ন প্ৰান্তৰ কিছুমান বিশেষ গাঁও নিৰ্বাচন কৰি, সেই গাঁওসমূহৰ প্রত্যেকঘৰ মানুহকে গ্ৰন্থৰ টোপোলা আৰু গছপুলি প্ৰদান কৰাৰ লগতে আলোচনা সভাৰ যোগেদি মানুহৰ সৰ্বাংগীণ গঠন সম্পৰ্কত সজাগতা সৃষ্টিৰ সপোন দেখা হৈছে।

‘মংগলবোধ জাগৰণ কেন্দ্ৰ'ৰ দ্বাৰা স্বীকৃত এই গ্রন্থগাঁওসমূহত প্রদান কৰা গ্ৰন্থ আৰু গছপুলিসমূহৰ উপৰি মানুহৰ সামগ্ৰিক গঠন কিদৰে হৈছে বা নহৈছে, সেই সন্দৰ্ভত পৰৱৰ্তী সময়ত উচ্চ বা উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীক ক্ষেত্র অধ্যয়নৰ যোগেদি গৱেষণা কৰিবলৈ উদগনি যোগোৱা হ’ব। ছাত্ৰ-ছাত্ৰীসকলৰ
প্রতিবেদনৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী পৰ্যায়ত কি পদক্ষেপ ল’লে গ্রস্থগীও’ৰ সপোন বাস্তৱত ৰূপায়িত হ’ব, তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব।

মংগলবোধ জাগৰণ কেন্দ্ৰই উত্তৰ লখিমপুৰৰ ‘লাহন গাঁও'ক প্রথমখন গ্ৰন্থগাঁও’ হিচাপে স্বীকৃতি প্রদান কৰি এক নব্য গ্ৰন্থ আন্দোলনৰ সূচনা কৰিছে বুলিব পাৰি। মংগালবোধ জাগৰণ কেন্দ্ৰই নিজা উদ্যোগত স্বীকৃত প্রথমখন “গ্রন্থগাঁও’খনৰ প্ৰতিঘৰ মানুহলৈ গ্ৰন্থৰ টোপোলা উপহাৰ হিচাপে প্রদান কৰিছে আৰু গ্ৰন্থসমূহ যাতে
অধ্যয়ন কৰাৰ লগতে আনকো অধ্যয়ন কৰিবলৈ দি ভালকৈ সংগ্ৰহ কৰি ৰাখে, তাৰ আহ্বান জনাইছে।

‘নতুন পঢ়ুৱৈ সৃষ্টি অভিযান’'ত এটা কথা উপলব্ধি কৰিব পাৰিছিলোঁ যে একান্তই ইচ্ছা থাকিলেও বহু ছাত্ৰ-ছাত্ৰীয়ে অৰ্থৰ অভাৱত দোকানৰ পৰা কিতাপ ক্ৰয় কৰি পঢ়িবলৈ অপাৰগ। সেয়ে গ্রন্থগাঁও অভিযানত প্রতিঘৰলৈকে কিতাপৰ টোপোলা উপহাৰদি পঢ়িবলৈ উৎসাহ যোগোৱাটো অতিকে আশাব্যঞ্জক কথা। পিছে
এই ধাৰাবাহিকতাৰ ক্ষেত্ৰত সদাশয় সুধীবৃন্দৰ সহযোগিতা অতিকে প্রয়োজন। কিয়নো, ধাৰাবাহিকভাৱে এই অভিযানৰ বাবে হাজাৰ হাজাৰ কিতাপৰ প্রয়োজনীয়তা আছে। গতিকে সদাশয় সুধীজনে নিজৰ প্ৰকাশিত কিতাপ বা সামৰ্থ্য অনুসৰি কিতাপ ক্ৰয় কৰি ‘গ্রন্থগাঁও’ কাৰ্যসূচীত সহযোগিতা কৰাৰ লগতে গ্ৰন্থ উপহাৰ দি
‘গ্ৰন্থদাতা’ হিচাপে নিজৰ স্বাক্ষৰ বহন কৰিলে এই কাৰ্যসূচী অধিক শক্তিশালী হৈ উঠিব। তাৰ বাবে এই অভিযানৰ মূল চালিকা শক্তি জিতেন বৰুৱা (৯৩৬৫৪-৩৬২১৩) আৰু এই লেখকৰ সৈতে যোগাযোগ কৰিব পাৰে। তদুপৰি গ্ৰন্থৰ টোপোলাটো ‘মংগলময় পত্ৰিকাৰ কাৰ্যালয়, পুৰণা চিভিল হাস্পতাল চাৰিআলি, নকাড়ী, উত্তৰ লখিমপুৰ- ৭৮৭০০১, লখিমপুৰ, অসম’ ঠিকনাতো ডাক-কুৰিয়াৰ যোগেদি প্রেৰণ বা নিজহাতে প্রদান কৰিব পাৰিব।

আকাশ প্ৰিয়ম
উত্তৰ লখিমপুৰ।
ফোন - ৯৭০৭১-৪৩৯৫৫

মহাভাৰত চিন্তন

কুন্তী বনাম দ্ৰৌপদী ভাৰতৰ কিছুমান আদিম জনজাতীয় সমাজত যৌথ বিবাহৰ প্ৰচলন অতীজৰে পৰা চলি আছে৷ য'ত একে মাতৃৰ সন্তানে ভাই বা ককাইৰ পত্নীৰ ...