চৰকাৰী বিধি উলংঘা কৰি দিল্লীৰ নিজামুদ্দিন মাৰ্কাজ মছজিদৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ ফলত কৰ’ণা সংক্ৰামণৰ গ্ৰাফডাল উৰ্দ্ধগামী হোৱাৰ বাতৰিয়ে নিমিষতে দেশৰ চৌদিশ ৰজনজনাই যোৱাৰ সময়ত অধিকাংশ সচেতন ব্যক্তিয়ে এই বিষয়ত নিজৰ নিজৰ মত পোষণ কৰি সমালোচনাৰে থকা সৰকা কৰা দেখা গৈছে। একাংশ শিক্ষিত তথা সচেতন মুছলমান লোকেই এনে ধৰ্মান্ধ তবলীগ জামাত নিষিদ্ধ কৰিবলৈ আহ্বান জনাইছে। তেনে এটা আহ্বান জনাইছে লেখক ইছমাইল হোছেইেন যে, “আধুনিক শিক্ষা আৰু চিন্তাৰ পৰা মুছলমান সমাজক আঁতৰাই ৰখা গোড়া ধৰ্মান্ধৰ তবলীগ জামাত আৰু ওৱাহাবী আন্দোলন বিশ্বজুৰি নিষিদ্ধ হওক। সচেতন আৰু শিক্ষিত মুছলমান সমাজে নেতৃত্ব লওক।”
একংশ ধৰ্মান্ধ মুছলমানৰ বাবেই আজি সমগ্ৰ মুছলমান সম্প্ৰদায়টো কটু সমালোচনাৰ সন্মুখীন হ’ব লগা হৈছে। এই প্ৰসংগত আমাৰ হাতত থকা এখন কিতাপৰ প্ৰাসংগিকতা অনুভৱ কৰিছো। লখিমপুৰ আইন মহাবিদ্যালয়ৰ অধ্যক্ষ এম. আব্দুল খালেক ৰচিত ‘মুছলমান সমাজৰ কৰণীয়’ শীৰ্ষক গ্ৰন্থখন বাস্তৱভিত্তিক বিশ্লেষণ আৰু আত্মসমালোচনাৰ এখন অতি উল্লেখযোগ্য গ্ৰন্থ। গ্ৰন্থখনিত এম. আব্দুল খালেক ৰচিত এঘাৰটা গুৰুত্বপূৰ্ণ লেখাৰ লগতে পৰিশিষ্টত আবু নাছাৰ চাঈদ আহমদৰ ‘ভাৰতবৰ্ষত ৱাহাবী আন্দোলন ঃ এটি চমু আলোচনা’ আৰু আব্দুল ছালামৰ ‘ইছলামৰ ওভোতা খোজ’ শীৰ্ষক দুটা অতি প্ৰাসংগিক আৰু গুৰুত্বপূৰ্ণ লেখা সংযোজিত হৈছে। আব্দুল খালেকৰ লেখাকেইটা হৈছে- ‘মুছলমানসকলে জনসংখ্যা নিয়ন্ত্ৰণ কৰক’, ‘তিনি তালাক আৰু ইয়াৰ অপপ্ৰয়োগ ৰোধ কৰক’, ‘সাম্প্ৰদায়িক শক্তিক প্ৰতিৰোধ কৰক’, ‘মাদ্ৰাছা শিক্ষাৰ আধুনিকীকৰণৰ প্ৰয়োজন’, ‘শিক্ষা আৰু মুছলমানৰ দায়িত্ব’, ‘মুছলমানসকলে মানসিকতাৰ পৰিৱৰ্তন কৰক’, ‘নিৰ্বাচন আৰু মুছলমান’, ‘মৌলবাদ, জেহাদ আৰু অসমৰ মুছলমান’, ‘ধৰ্মীয় ভিত্তিত লোকপিয়ল তথ্য’, ‘ভূ-লুণ্ঠিত সংখ্যালঘুৰ অধিকাৰ’ আৰু ‘ওৱাকফ সম্পত্তিৰ উপযুক্ত ব্যৱহাৰ হোৱা নাই কিয়’।
মুছলমান সমাজৰ কাৰণে অতি প্ৰয়োজনীয় আৰু বাস্তৱসন্মত এম. আব্দুল খালেকৰ প্ৰতিটো লেখাৰ প্ৰাসংগিকতা অতি গুৰুত্বপূৰ্ণ যদিও বিশেষকৈ ‘মাদ্ৰাছা শিক্ষাৰ আধুনিকীকৰণৰ প্ৰয়োজন’, ‘মুছলমানসকলে মানসিকতাৰ পৰিৱৰ্তন কৰক’ আৰু মৌলবাদ, জেহাদ আৰু অসমৰ মুছলমান’ শীৰ্ষক লেখাকেইটা সাম্প্ৰতিক সময়ত অতি প্ৰাসংগিক। সেয়ে এই তিনিটা লেখাৰ সন্দৰ্ভতহে বৰ্তমান আলোনা কৰা হ’ব। লেখকৰ মতে, “মাদ্ৰাছা শিক্ষা বুলি ক’লে সাধাৰণতে আমি ইছলামধৰ্মীয় লোকসকলে ধৰ্মীয় কোৰান হাদীচৰ বিষয়ে শিক্ষা লাভৰবাবে স্থাপন কৰা শিক্ষানুষ্ঠান সমূহৰ কথাকে বুজায়। এজন মুছলমানে মছজিদত প্ৰৱেশ কৰি প্ৰাৰ্থনা কৰিবলৈ যি যাৱতীয় শিক্ষাৰ প্ৰয়োজন হয় বা ইহকাল বা পৰকালৰ প্ৰতিপক্ষ বিষয়সমূহৰ শিক্ষা দিয়ে সেয়া মূলত মাদ্ৰাছা শিক্ষাই পূৰণ কৰে।” এতিয়া কথা হ’ল এই মাদ্ৰাছা শিক্ষাই মুছলমান সমাজত মানৱ সম্পদ সৃষ্টি কৰিবলৈ সক্ষম হৈছেনে। চ’ছিয়েল মিডিয়াত পোৱা তথ্য অনুসৰি বিশেষকৈ অসমত ১৯৯২ চনত বাবৰি মছজিদ ধ্বংসৰ পাছত একাংশ তবলীগৰ মানুহে সুবিধা বুজি আল্লাহৰ নামত সকলো এৰি দি পূণ্য প্ৰাপ্তি সম্ভৱ হ’ব বুলি অভয় বাণী প্ৰচাৰ কৰাৰ লগতে হাৰাম, হালাল, নামাজ, ৰোজাৰ কথা অতি ভয়াবহভাৱে অসমৰ হোজা, পিছপৰা মুছলমানসকলৰ মাজ প্ৰচাৰ কৰিলে। ফলস্বৰূপে শংকৰ আজানৰ হিন্দু মুছলিমৰ মিলনভূমি অসমত গোড়া ধৰ্মান্ধৰ সৃষ্টি হ’ল। এই সকলোবোৰ ধৰ্মীয় শিক্ষাৰ প্ৰসাৰ ঘটিছিল অসমৰ মাদ্ৰাছাসমূহৰ যোগেদি। গতিকে যি মাদ্ৰাছা ব্যৱস্থাৰ যোগেদি উগ্ৰ ধৰ্মীয় শিক্ষা প্ৰদান কৰা হয়, সেই মাদ্ৰাছা শিক্ষাই মানৱ সম্পদ সৃষ্টি কৰাত কি ভূমিকা গ্ৰহণ কৰিব, সেয়া আমাৰ বাবে কল্পনাতীত কথা। তদুপৰি মাদ্ৰাছা শিক্ষাৰে শিক্ষিত মুছলমানসকলৰ সম্পৰ্কে এম. আব্দুল খালেকে লিখিছে যে, “মাদ্ৰাছাবোৰত পঢ়া ছাত্ৰ-ছাত্ৰীসকলৰ উচ্চ শিক্ষা বা চৰকাৰী চাকৰি-বাকৰি লাভ কৰাৰ পথ বন্ধ হৈ পৰে। ফলত ইয়ে সমাজত নিবনুৱাৰ দৰে এক সমস্যাৰ সৃষ্টি কৰা বুলিও ক’ব পাৰি। এই ছাত্ৰসকলৰ পঢ়া শেষ হোৱাৰ পাছত কোনো মছজিদত ইমামতি কৰা বা আজান দিয়াৰ বাবে মোৱাজ্জেন হোৱাৰ বাহিৰে আন কোনো উপায় নাথাকে। বহুতে তাকো হ’ব নোৱাৰে, যাৰ কাৰণে তেওঁলোক তেনে কেইজন লগ লাগি গাঁৱত আৰু এখন মাদ্ৰাছা গঢ়ি তোলে। ৰাইজৰ দান-বৰঙণিৰে গঢ়ি তোলা এইবোৰৰ বাবে গাঁৱে ভূঞে, নগৰে-চহৰে, মানুহৰ ঘৰে ঘৰে চান্দা-চাউল আদি উঠাই নিজৰ পৰিয়াল চলোৱাৰ অৱস্থা হয়।” ইয়াৰ পৰাই বুজা যায় মুছলমান সকলৰ বেছিভাগে যি মাদ্ৰাছা শিক্ষা গ্ৰহণ কৰিছে, সেই শিক্ষাৰ পৰা সমাজলৈ কি ভয়াবহ পৰিস্থিতিৰ সূচনা কৰিব পাৰে। শিক্ষাই যিহেতু সমাজ গঢ়াৰ মূল, সেয়ে শিক্ষাৰ ক্ষেত্ৰত ধৰ্মীয় মেৰুকৰণ সম্পূৰ্ণৰূপে দূৰ কৰিব পাৰিলেহে সমাজৰ ভৱিষ্যত সুৰক্ষিত হ’ব। কিয়নো হিন্দু, মুছলিম, শিখ, জৈন, খ্ৰীষ্টিয়ান যি ধৰ্মই নহওক কিয়, ধৰ্ম মানেই এক অলৌকিক সত্যৰ ওপৰ প্ৰতিস্থিত আৰু ই মানুহক মেৰুদণ্ডহীন কৰি তোলে। ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ দেশ হিচাপে দেশৰ ভৱিষ্যত সুৰক্ষিতকৰণৰ স্বাৰ্থত শিক্ষা ব্যৱস্থাত কোনো ধৰ্মীয় প্ৰভাৱ পৰিবলৈ নিদি, পৰস্পৰে পৰস্পৰৰ ধৰ্মৰ প্ৰতি আঘাট নকৰাকৈ ধৰ্মীয় অধিকাৰ পালন কৰিবলৈ আইন প্ৰণয়নৰ যোগেদি ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। এই ক্ষেত্ৰত ‘উমৈহতীয়া দেৱানী আইন’ৰ প্ৰাসংগিকতা আছে বুলি অনুভৱ হয়।
এম. আব্দুল খালেকে ‘মুছলমানসকলে মানসিকতাৰ পৰিৱৰ্তন কৰক’ শীৰ্ষক লেখাত লিখিছে, ‘সমগ্ৰ বিশ্বতে বিভিন্ন জাতি-জনগোষ্ঠী বা ধৰ্মীয় গোটবিলাকৰ ভিতৰত শৈক্ষিকভাৱে পশ্চাদপদ জাতিটোৱেই হ’ল মুছলমান। অথচ শিক্ষা গ্ৰহণ কৰাটো প্ৰত্যেকজন পুৰুষ আৰু প্ৰতিগৰাকী নাৰীৰ অৱশ্যে কৰ্তব্য বুলি সৰ্বপ্ৰথম আদেশ জাৰি কৰিছিল ইছলাম ধৰ্মই।” ইয়াৰ পৰা বুজা যায় যে, বৰ্তমানেও মুছলমানসকল ধৰ্মীয় শিক্ষাৰ বাহিৰে সমসাময়িক শিক্ষা তথা প্ৰযুক্তিগত শিক্ষাৰ ক্ষেত্ৰত অতি পিছপৰা হৈয়ে আছে। এই ক্ষেত্ৰত মুছলমানসকল নিজে দায়ী বুলিও প্ৰকাশ কৰিছে। মুছলমানসকলৰ মানসিকতাৰ সংকীৰ্ণতাৰ উদাহৰণ দিবলৈ গৈ লেখকে পাকিস্তানৰ প্ৰখ্যাত বিজ্ঞানী অধ্যাপক আব্দুচ ছালামে পদাৰ্থ বিজ্ঞানৰ নবেল বঁটাৰ ধনেৰে কোনোবা এখন মুছলিমপ্ৰধান ৰাষ্ট্ৰত বিজ্ঞানৰ গৱেষণাগাৰ প্ৰতিষ্ঠাৰ বাবে বহুকেইখন ৰাষ্ট্ৰৰ পৰা সঁহাৰি নোপোৱাৰ কথা দাঙি ধৰিছে। পশ্চাদপদতাৰ পৰা পৰিৱৰ্তন কামনা কৰি লেখকে মুছলমান সমাজৰ চিন্তা, মানসিকতা আৰু কৰ্মৰাজীৰ পৰিৱৰ্তন কামনা কৰিছে।
অন্যহাতে সাম্প্ৰতিক অসমৰ জেহাদ, মৌলবাদৰ ঘটনা-পৰিঘটনাৰ প্ৰেক্ষাপট দাঙি ধৰি এম. আব্দুল খালেকে ‘মৌলবাদ, জেহাদ আৰু অসমৰ মুছলমান’ শীৰ্ষ লেখাত উল্লেখ কৰিছে যে, “কিছুমান সাম্প্ৰদায়িক দল-সংগঠনে এই পৰিস্থিতিৰ সুযোগত ৰাজ্যখনত সাম্প্ৰদায়িক সংঘাত আৰু ৰাজনৈতিক মেৰুকৰণৰ এক সহজ পাটিগণিতত মছগুল হৈ পৰা পৰিলক্ষিত হৈছে। ৰাজনৈতিক ক্ষমতা লাভৰ অংকত ব্যস্ত এই ন্যস্ত স্বাৰ্থন্বেষী সাম্প্ৰদায়িক কুচক্ৰৰ পৰা সমাজখনক বচাই ৰাখিব লাগিব। অন্যথা আগন্তুক দিনত এক ভয়ংকৰ পৰিস্থিতি সৃষ্টি হোৱাটো প্ৰায় নিশ্চিত।” এইখিনিতে ড০ হীৰেণ গোহাঁইদেৱে ল’ক ডাউনৰ মাজত ধৰ্মীয় মেৰুকৰণৰ গোন্ধ পোৱা বুলি প্ৰকাশ কৰাক লৈ চ’ছিয়েল মিডিয়াত যি ব্যাপক সমালোচনাৰ উকমুকনি উঠিল, সেই ক্ষেত্ৰত আমিও চিন্তিত। একাংশ মুছলমানে ৰাজনৈতিক ষড়যন্ত্ৰৰ বাবেই দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ ধৰ্মীয় সন্মিলনত অংশগ্ৰহণ কৰি দেশত কৰ’ণাৰ সন্ত্ৰাস বৃদ্ধি কৰি যি পৰিৱেশৰ সূচনা কৰিছে, এয়াও একপ্ৰকাৰৰ ধৰ্মীয় মেৰুকৰণ তথা সাম্প্ৰদায়িক সংঘৰ্ষৰ প্ৰভাৱত বুলিহে অনুভৱ হয়। কিয়নো অতিজৰে পৰা মুছলমানৰ ওপৰত সামাজিকভাৱে জেহাদ বা মৌলবাদৰ মোহৰ মৰা আছে। গতিকে কৰ’ণাৰ আতংকৰ সময়ৰ সুযোগ বুজি ৰাজনৈতিক অভিসন্ধিৰে দেশৰ জনগণক গিনিপিক সজাই ধৰ্মীয় মেৰুকৰণৰ অংকত এচাম সুবিধাবাদী ৰাজনৈতিক নেতৃত্ব যে জড়িত নোহোৱাকৈ আছে, সেই ক্ষেত্ৰত আমাৰ সন্দেহ নোহোৱা নহয়। অন্যহাতে বিগত দিনবোৰত ইছলামৰ ওপৰত দোষ জাপি দি দেশৰ নেতৃত্ববহনকাৰী সাম্প্ৰদায়িক দল-সংগঠনেও অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ উদাহৰণো এম. আব্দুল খালেকে প্ৰকাশ কৰিছে। তেওঁ মুছলমানৰ দেশপ্ৰেমৰ প্ৰসংগৰে কৈছে যে, “অসমৰ মুছলমানসকলৰ দেশপ্ৰেম বা জাতিপ্ৰেমৰ ওপৰত সন্দেহ কৰাৰ কোনো প্ৰয়োজন নাই। আমাৰ জন্মভূমিক আন দহজনৰ দৰে আমি সমানে ভাল পাওঁ। দেশপ্ৰেম আমাৰ ইমানৰ অংগ। দুই চাৰিজন বিপদগামী পথভ্ৰষ্ট যুৱকৰ কাৰণে সমগ্ৰ ধৰ্মীয় সম্প্ৰদায়টোক বিচাৰৰ বা সন্দেহৰ কাঠগড়াত থিয় কৰাব বিচৰা কাৰ্য কোনোপধ্যে গ্ৰহণযোগ্য হ’ব নোৱাৰে।” এতিয়া লেখকে ক’বৰ দৰে এই দুই চাৰিজন বিপথগামী মুছলমানক দেশৰ বিপৰ্যয়ৰ সময়ত, কৰ’ণাৰ আতংকৰ সময়ত ‘জেহাদ’ জাতীয় ধৰ্মান্ধ বিচাৰ বিবেচনা পৰিহাৰ কৰোৱাই সচেতনতা সৃষ্টি কৰি কৰ’ণাৰ বিৰুদ্ধে যুঁজ দিয়াটো প্ৰতিজন দায়িত্বশীল মুছলমানৰে দায়িত্ব আৰু কৰ্তব্য। কাৰণ ধৰ্মৰ নামত সহজ-সৰল সৰ্বসাধাৰণ লোকক উন্মাদ কৰি সন্ত্ৰাস বিয়পোৱা কাৰ্য কোনোপধ্যেই ইছলামৰ বাবে গ্ৰহণযোগ্য নহয়। ই ইছলামৰ পৰিপন্থী।
গতিকে সচেতন প্ৰতিগৰাকী মুছলমানে ‘ইছলাম’ শব্দৰ তাৎপৰ্য বৰ্ণনাৰে নিজৰ নিজৰ অঞ্চলসমূহত সজাগতা সৃষ্টি কৰাতো অতি প্ৰয়োজনীয়। তদুপৰি অনা-মুছলিমসকলেও হকে-বিহকে সমালোচনাৰ নামত মুছলিম ধৰ্মক আঘাট নকৰি সচেতনতাৰ পৰিৱেশ গঢ়িলেহে সমাজৰ পৰা কৰ’ণাৰ সন্ত্ৰাস নিৰ্মূল সম্ভৱ হ’ব বুলি আশা কৰিব পাৰি।
০০০০০০০

