ৰাৱণৰ প্ৰেমৰ মাজত
স্বৰ্ণলংকাত মনোৰম দিনবোৰ
অতিক্ৰম কৰি ঘুৰি আহি
সীতা বাৰু হৈছিল নে সুখী?
নাৰীৰ কামনাৰ ভোগ বিলাসৰ
ৰাজপ্ৰসাদ এৰি-
কিদৰে সুখী হব পাৰে
জনকনন্দিনী সীতা দেৱী?
সেয়ে হয়তু সুখী হৈছিল
প্ৰেমত পৰিছিল
স্বৰ্ণলংকাৰ আৰু ৰাৱণৰ
পুৰুষত্বৰ অক্ষয় আলোকৰ।
সীতাও আছিল নাৰী
পুৰুষৰ আলিংগনত সঞ্চাৰিত হৈছিল
সীতাৰ দেহতো কামনাৰ জুই-
যি কামনা পুৰণ কৰিবলৈ
অক্ষম আছিল ভগৱান ৰাম
কাৰণ পিতৃৰ দৰেই ৰামো আছিল পুৰুষত্বহীন।
সেই যে বনবাসৰ পৰা ঘুৰি আহি
গৰ্ভৱতী হৈছিল জনক নন্দিনী
সেয়া বাৰু সম্ভৱ আছিল নে
কাপুৰুষ ৰামৰ দ্বাৰা...?
সীতাই বাৰু প্ৰেমিক ৰাৱণৰ
পুৰুষত্বক ধাৰণ কৰা নাছিল নে গৰ্ভত
নহ'লেনো কেনেকৈ পাৰিছিল ৰামে
গৰ্ভৱতী সীতাক বনত এৰি দিবলৈ?
এৰা... কাপুৰুষ ৰাম অস্থিৰ হৈ উঠিছিল
যেতিয়া দৈৱশ্ৰীৰ পৰা জানিব পাৰিছিল-
সীতাৰ প্ৰতি ৰামৰ যি বিশ্বাস
সকলো মিথ্যাৰ বাহিৰে একো নাছিল।
ৰামৰ দৰে দুৰ্ভগীয়া আৰু ৰাৱণৰ দৰে
সুখী হব পৰা সকলহে প্ৰেমিক নেকি?
সতীত্ব হেৰুৱাইও সুখী হৈছিল সীতা দেৱী-
কাৰণ কাপুৰুষ ৰামৰ বিপৰীতে
সৌম্য গম্ভীৰ আৰু জ্ঞানী প্ৰেমিকৰ স্পৰ্শত
সীতা হৈ উঠিছিল বাসনাময়ী।
আৰু কি হৈছিল আপুনি জানেনে-
ৰামৰাজ্য এৰি যেতিয়া
গৰ্ভৱতী সীতা বনলৈ আহিছিল
স্বৰ্গৰ দেৱগন আৰু ঋষিসকলক
প্ৰেমৰ আবেগেৰে উদ্বাউল কৰি
সীতা হৈ উঠিছিল কামনাৰ ৰাণী।
(দৈৱশ্ৰী- এক কাল্পনিক নাম, যাৰ দ্বাৰা ৰামে সীতা আৰু
ৰাৱণৰ প্ৰেমৰ কথা জানিব পাৰিছিল।)
(দ্ৰষ্টব্যঃ- প্ৰাঞ্জল বুঢ়াগোহাইৰ "মই তোমাক বেয়া পাওঁ ৰাৱণ" নাটকৰ পাছত সীতা চৰিত্ৰক পুনৰ নিৰ্মাণৰ যোগেদি ৰচিত এটি কাল্পনিক কবিতা।)
(দ্ৰষ্টব্যঃ- প্ৰাঞ্জল বুঢ়াগোহাইৰ "মই তোমাক বেয়া পাওঁ ৰাৱণ" নাটকৰ পাছত সীতা চৰিত্ৰক পুনৰ নিৰ্মাণৰ যোগেদি ৰচিত এটি কাল্পনিক কবিতা।)

No comments:
Post a Comment