About Me

Tuesday, June 18, 2019

ঘাঁমবোৰ বিচাৰি


কুৰুকি কুৰুকি সোমাই গৈছো
মেৰিয়াই লৈছো এড়ীয়া চেলেংখন
শীতলতা নেওচি উম বিচাৰি

তুমি সিদিনা আঁতৰি যোৱাৰ পিছৰ পৰাই
মোৰ বুকুলৈ হীমবোৰ নামিছিল
ঠেৰেঙা লাগিবলৈ ধৰিছিল বুকুৰ নুমবোৰ

উহ! ককৰ্ষ মেঘৰ গাজনিত বুকুখন কঁপিছে
তুমি কত! তুমি কত আছা মোৰ সোন!

এই শেষ নিশাৰ বিচনাত, মেঘৰ গাজনিত
তোমাক পোৱা হলে কাষত
টানকৈ বুকুত সাৱতি থাকিলোহেতেন
ভয় খেদি খেদি... ...

তাৰ পাছত, পুনৰ হেঁপাহৰ উচাহত
ইমান শীতৰ মাজতো
গলোহেতেন চাগে ঘাঁমবোৰ বিচাৰি... ...

No comments:

Post a Comment

মহাভাৰত চিন্তন

কুন্তী বনাম দ্ৰৌপদী ভাৰতৰ কিছুমান আদিম জনজাতীয় সমাজত যৌথ বিবাহৰ প্ৰচলন অতীজৰে পৰা চলি আছে৷ য'ত একে মাতৃৰ সন্তানে ভাই বা ককাইৰ পত্নীৰ ...