অসমীয়া সাহিত্য জগতত ব্যতিক্ৰমী চিন্তা-চেতনাৰে
নিজক প্ৰতিস্থা কৰাৰ উপৰিও সৰ্বভাৰীতয় আনাতাঁৰ নাট প্ৰতিযোগিতাত অসমীয়া ভাষাত
প্ৰথম স্থান লাভ কৰি নিজ জন্মভূমিক সৰ্বভাৰতীয় প্ৰেক্ষাপটত চিনাকি কৰি দিয়া ডঃ
চন্দ্ৰধৰ চমুৱাৰ নাটকৰ এটা প্ৰধান দিশ আছিল বস্তুবাদী দৰ্শন। তেওঁ মানুহজন নিজে
কমিউনিজমৰ অনুৰাগী আছিল বাবেই মাৰ্ক্স-লেনিন আদিৰ তত্বকথাৰ জ্ঞানৰ উপৰিওসাম্যবাদী
আন্দোলনৰ লগত ’৬০ৰ দশকৰ পৰাই জড়িত হৈ প্ৰতিটো ঘটনা পৰিঘটনা,
মানুহৰ কাম কাজ, চিন্তা-চৰ্চাৰ উন্মেষ, অৱনতি, গতিসলনি, সম্পৰ্কে বস্তুবাদী
নিৰ্মোহ বিশ্লেষণ কৰিব পৰা শক্তি আহৰণ কৰিছিল। তেওঁৰ চেতনাত প্ৰাণ পাই উঠা
বস্তুবাদী দৰ্শন আৰু তেওঁৰ নাটসমূহৰ কথা কবলৈ গলে ডঃ চমুৱাৰ প্ৰথম প্ৰকাশিত নাটক ‘চাৰ্বাক’ আৰু ‘কংস’এই দুখন নাটকৰ কথাই মনলৈ আহে। দুয়োখন নাটকতে তেওঁ এক বস্তুবাদী সত্তাক
চাৰ্বাক দৰ্শনৰ যোগেদি মূৰ্ত্ত প্ৰকাশ ঘটাইছে। ডঃ চমুৱাৰ নাটক দুখনত চাৰ্বাক
দৰ্শনৰ আলোচনাৰ আগতেই চাৰ্বাক দৰ্শন আৰু ইতিহাস সম্পৰ্কত কিঞ্চিত আভাস দিয়া উচিত
হব।
চাৰ্বাক- দৰ্শন আৰু ইতিহাসঃ
চাৰ্বাক দৰ্শন বা সম্প্ৰদায় ভাৰতীয় দাৰ্শনিক সম্প্ৰদায়
সমূহৰ নাস্তিক শাখাৰ এটা প্ৰধান সম্প্ৰদায়। সাধাৰণতে বস্তুবাদী দৰ্শনকেই চাৰ্বাক
দৰ্শন বুলি জনা যায়। চাৰ্বাক দৰ্শন লোকায়ত নামেৰেও প্ৰচলিত আছে। এই দৰ্শন মতে, দুচকুৰে যি
দেখা যায় তাকহে বিশ্বাস কৰা হয়। অৰ্থাৎ প্ৰত্যক্ষই একমাত্ৰ
বিশ্বাসৰ স্থল। যি বস্তুৰ দৰ্শন কৰিব নোৱাৰি সেইয়া বিশ্বাস কৰাটো এই দৰ্শনৰ
বিৰোধী। এই দৰ্শনত কোনো আত্মাৰ বিশ্বাসৰ স্থল নাই। তদুপৰি অনুমান আৰু ভাৱনা- এই
দৰ্শনৰ জ্ঞানৰ পৰিপন্থী বুলি কোৱা হয়। প্ৰত্যক্ষযুক্ত কায়িক বস্তুৱেই একমাত্ৰ
সত্য। সেয়ে এই দৰ্শনক বস্তুবাদী দৰ্শন হিচাপেও ধৰা হয়।
সাধাৰণতে আন কেতবোৰ ধৰ্মীয় বিশ্বাস মতে, মানুহ
মৰনশীল যদিও, আত্মা অমৰ। এই ক্ষেত্ৰত চাৰ্বাক দৰ্শনে সিদ্ধান্ত দিয়ে যে, মৃত্যুৰ
পিছত জীৱৰ কোনো প্ৰকাৰৰ অস্তিত্ব নাথাকে, কাৰণ সেই অস্তিত্ব অপ্ৰত্যক্ষ আৰু
অপ্ৰমাণিত। একেদৰেই ঈশ্বৰ অথবা মৃত্যুৰ পাছত স্বৰ্গলাভ কৰা আদি ধাৰণা ৰহস্যজনক কথা
মাত্ৰ। এই দৰ্শনে জীৱন সম্পৰ্কে মতামত দাঙি ধৰে যে, সুখ হৈছে প্ৰতিটো জীৱৰ একমাত্ৰ
কাম্য আৰু এই সুখ কোনো অতীন্দ্ৰিয় বা পৰলৌকিক নহয়। এই দৰ্শনে ইন্দ্ৰিয় সুখ-ভোগৰ ওপৰত গুৰুত্ব দি
বাণী প্ৰচাৰ কৰিছিল যে,
যাবৎ জীৱেৎ সুখংজীৱেৎ
ঋণং কৃত্বা ঘৃতং পিবেৎ
ভস্মীভূতসা
দেহস্য পুনৰাগমনঃ কুতঃ
অৰ্থাৎ যিমান দিন জীয়াই থাকিবা, সুখেৰে জীয়াই থাকা আৰু ঋণ কৰি হলেও ঘিঁউ পান কৰা,
কাৰণ এই মানৱ দেহা ভস্ম হলে পুনৰ ঘুৰাই নোপোৱা। মানুহৰ জীৱনটো কেতিয়াও কেৱল সুখৰ
সমষ্টি হব নোৱাৰে। সুখৰ লগতে দুখ প্ৰতিজন মানুহৰ জীৱনত অঙ্গাঙ্গীভাৱে জড়িত হৈ
থাকে। সেই বুলিয়েই সুখ অন্বেষণৰ পৰা আঁতৰত থকাটো এই দৰ্শন মতে মূৰ্খামি।
ন্যায়সন্মতভাৱে সুখ লাভ কৰাৰ ক্ষেত্ৰত এই দৰ্শনে কেতিয়াও আপোচ নকৰে।
প্ৰাচীন ভাৰত বুৰঞ্জী
অধ্যয়ন কৰিলে দেখা যা যে, খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাত উত্তৰ ভাৰতত বৈদিক
সমাজ-সংস্কৃতিৰ বুকুতেই ধৰ্মীয় আন্দোলনৰ পৃষ্ঠভূমি তৈয়াৰ হৈছিল। সেই যুগত হোৱা
বৌদ্ধিক বিকাশৰ পৰিণতিত বস্তুবাদৰ বিশ্বাসী আজীৱক সকলৰ ধ্যান ধাৰণাই ভাগ্যক ধিয়াই
চলা ৰীতি-পৰম্পৰা আৰু প্ৰচলিত ধৰ্মীয় বিশ্বাসত আঘাত সানিছিল। সেই সময়তে, চাৰ্বাকৰ
বস্তুবাদী দৰ্শনে সমসাময়িক ব্ৰাক্ষ্মন্যবাদী পণ্ডিত সকলক প্ৰত্যাহ্বান জনালে। পিছৰ সময়চোৱাত ভাৰতৰ ইতিসাহবিদসকলে চাৰ্বাক
দৰ্শনক নিশ্চয় অৱহেলিত কৰি ৰাখিছিল। কাৰণ সেই সময়ৰ বুৰঞ্জী অথবা সময়ৰ দলিল লিখা
হৈছিল ৰজা-মহাৰজাৰ পৃষ্ঠপোষকতাত, যিসকলে নিজকে দেৱ-পুত্ৰ হিচাপে পৰিচয় দিছিল।
গতিকে এনেধৰণৰ নাস্তিক দৰ্শন তেনে কোনো ৰজা-মহাৰজাই অৱহেলিত কৰাটোৱেই স্বাভাবিক
কথা। তদুপৰি এই দৰ্শনৰ যি ঋণ লৈ হলেও ঘিঁউ খোৱা ধৰণৰ কথা কোৱা হৈছে, পণ্ডিত অথবা
পিছৰ সময়চোৱাৰ দাৰ্শনিকসকলে এই ব্যক্তিবাদ সমৰ্থন নকৰাটো এই দৰ্শন নিষ্পত্তি হোৱাৰ
এটা কাৰণ হব পাৰে।
চাৰ্বাক নাটকত চাৰ্বাক দৰ্শনঃ-
ডঃ চন্দ্ৰধৰ চমুৱাৰ প্ৰথম প্ৰকাশিত নাট্যসংকলন
চাৰ্বাকত তেওঁ বস্তুবাদী দৰ্শনৰ মূৰ্ত প্ৰকাশ ঘটাইছে। নাটকখনৰ মূল উপজীৱটোৱেই হল
চাৰ্বাক দৰ্শন। ইয়াত তেওঁ কোনো ব্যক্তিবিশেষ চৰিত্ৰক নিৰ্দিষ্টভাৱে চাৰ্বাক সজোৱা
নাই (যিটো কংস নাটকত উপস্থাপন কৰিছে।) যদিও চাৰ্বাক দৰ্শনৰ ভিত্তিকেই মূল
বিষয়বস্তু হিচাপে লৈ নাটকৰ কাহিনীভাগ আগবঢ়াই নিছে বসুমিত্ৰ শীৰ্ষক চৰিত্ৰটোৰ
যোগেদি।
বস্তুবাদী
ব্ৰাক্ষ্মণ পণ্ডিত বসুমিত্ৰক ৰাজ পুৰুহিতে ভগৱানৰ অস্তিত্ব বিশ্বাস কৰাবলৈ বন্দী
কৰি আনি সোধ পোচ কৰি থাকোতে মহাভাৰতৰ দৰে মহাকাব্যৰ প্ৰতি বিসম্বাদ কৰি কৈছে যে, “খাটি খোৱা মানুহৰ
কথা য’ত নাই, নগৰ সভ্যতাৰ সৃষ্টি কৰা অনাৰ্য মানুহৰ বাবে য’ত যথাযোগ্য স্বীকৃতি নাই, সেই মহাকাব্যক মই দ্বিধাহীনভাৱে সাৰ্বজনীন বুলি
স্বীকাৰ নকৰো। যিবোৰ কাব্যত আছে ব্ৰাক্ষ্মণ আৰু যশস্যা আৰু বিজয় গৌৰৱ, তেওঁলোকৰ
প্ৰভুত্ব অস্বীকাৰ কৰি উচ্চাকাঙ্ক্ষা বা আত্মৰক্ষা কৰা সকলক অসুৰ, দৈত্য, দানৱ আৰু
ৰাক্ষস বুলি অভিহিত কৰি য’ত পক্ষপাতী চলাহী কথা কোৱা হৈছে,
আৰু যি সকল অনাৰ্যই নিজত্ব পাহৰি আৰ্যসন্তানৰ শৰণাপন্ন হৈছে সেই সকলৰ য’ত বানৰ, ভালুক আৰু পক্ষী বুলি আখ্যা দিয়া হৈছে, সেই কাব্যৰ তেনেবোৰ কথাৰ
লগত বসুমিত্ৰৰ কোনো সম্পৰ্ক নাই।”
চাৰ্বাক
নাটকৰ কাহিনী আৰম্ভ হৈছে ৰজা বীৰভানুৰ ৰাজসভাৰ পৰা। ৰাজসভা আৰম্ভ হোৱাৰ আগতেই
নেপথ্যত নানা মানুহৰ কোলাহল আৰু নাৰী শিশুৰ কান্দোন, হত্যা, লুন্ঠন আদিৰ পৰিৱেশ
প্ৰতিফলিত হয়, যাৰ বাবে অবঙ্গৰাজ বীৰভানুৰৰ শংকা বৃদ্ধি হয়। ৰজা সমন্বিতে ৰাজ
পুৰুহিত সকলে চতূৰ্দিশে হোৱা আৰ্ত্ত কোলাহলৰ কাৰণ ৰাজ্যখনত ধৰ্মৰ প্ৰতি হোৱা
আস্থাহীনতা বুলি ঠাৱৰ কৰে। লগতে ধৰ্মৰ প্ৰতি বিদ্বেষ ভাৱে চাৰ্বাক নামৰ এজন
পণ্ডিতে বিয়পাইছে বুলিও নিশ্চিত কৰে। কিন্তু সেই চাৰ্বাক কোন! ৰাজসভাৰ মন্ত্ৰী,
ৰাজকবি, ৰাজপুৰুহিত সকলৰ মতামত লোৱা হল। মন্ত্ৰী দেৱদত্তৰ মতে, “দেৱতাৰ গুৰু
বৃহস্পতিয়ে জ্ঞানৰ সমুদ্ৰ মথি দেৱ সমাজত খ্যাত হ’ল আৰু
দেৱতাৰ বাবে তেওঁ ৰত্ন হিচাপে পৰিচিত হলেও অবঙ্গৰ দৰে অসুৰ ৰাজ্যৰ বাবে হৈ পৰিছে
মহাভাৰ। সেয়ে গুৰু বৃহস্পতিয়েই শুক্ৰৰ বেশ ধৰি দেৱতাক অসুৰৰ পৰা উচ্চ শাৰীত
ৰাখিবলে চাৰ্বাক পণ্ডিত নামেৰে অসুৰ দৰ্শন প্ৰচাৰ কৰিছে”। ৰাজসভাৰ
কবি চন্দ্ৰহাসৰ মতে দেৱতাৰ গুৰু বুলি কোনো বৃহস্পতি নাই, বৃহস্পতি নামৰ এজন ব্ৰাক্ষ্মণ
পণ্ডিতেই নাস্তিক ভাৱৰ লোক কথা জনসমাজত প্ৰচাৰ কৰিছে, তেঁৱেই চাৰ্বাক। এনেদৰে
চাৰ্বাক সমন্ধে আলোচনা বিলোচনাৰ পাছত ৰজাৰ নিৰ্দেশত সেনাপতি অনঙ্গপালে সৈনিক সহ
চাৰ্বাকক বিচাৰি যায়। চাৰ্বাক নামৰ ব্ৰাক্ষ্মণ পণ্ডিতক বিচাৰি নাপায় বসুমিত্ৰক
চাৰ্বাক সম্পৰ্কে সোধ-পোচ কৰে। বসুমিত্ৰই চাৰ্বাক নামৰ কোনো ব্ৰাক্ষ্মণ পণ্ডিত
নাই, চাৰ্বাক নৈৰ্ব্যক্তিক। কিন্তু চাৰ্বাকৰ গ্ৰন্থৰাজি আছে। বসুমিত্ৰই সেনাপতিক
কলে- “আপুনি চাৰ্বাক নামৰ এটা ডাঙৰ বস্তু বিচাৰিছে। তাকে কৰোতে মোৰ লগত কথা
পাতিছে ক্ৰোধ আৰু আবেগত। য’ত আবেগ আৰু অহংকাৰ থাকে, তাত
যুক্তি-বিচাৰ তল পৰি লুকাই যায়। আৰু যুক্তি যেতিয়া পৰিষ্কাৰ হয়, তেতিয়া আবেগ আৰু
দম্ভালি তল পৰি যায়। চাৰ্বাকক বিচাৰক যুক্তি আৰু ধীমানৰ বিতৰ্কৰ মাজত।”
অৱশেষত
চাৰ্বাক নামৰ কোনো বিশেষ ব্যক্তিক বিচাৰি উলিয়াব নোৱাৰি চাৰ্বাক দৰ্শনৰ শাস্ত্ৰ-
পুথিবোৰৰ সৈতে বসুমিত্ৰক ৰাজসভালৈ আটক কৰি লৈ আনে। ৰাজসভাত বসুমিত্ৰক উপস্থিত
কৰোৱাৰ পাছত বসুমিত্ৰই চাৰ্বাক শাস্ত্ৰ চৰ্চা কৰো বুলি স্বীকাৰ কৰাত বসুমিত্ৰক
অপৰাধী সজোৱা হয়। ৰাজ পৰিষদে বসুমিত্ৰক শিৰচ্ছেদৰ মতামত দিয়ে। তেতিয়া বসুমিত্ৰৰ
কিবা কব লগা আছে নেকি সোধাত বসুমিত্ৰই কয়- “উত্তম মহাৰাজ। মই জানো তাতোকৈ বেছি
আপোনালোকে একো কৰিব নোৱাৰে। মৃত্যুৰ যন্ত্ৰণা এবাৰেই, কিন্তু জীয়াই থকাৰ যন্ত্ৰণা
অনেকবাৰ। তথাপি মই জীয়াই থাকিব খোজো আন সকলোৰে দৰে।” তাৰ
পাছত বসুমিত্ৰই ক্ষমা প্ৰাৰ্থনাৰে ঈশ্বৰৰ নাম ললে ৰেহাই দিয়া হব বুলিও ৰাজপৰিষদে
বসুমিত্ৰক জনালে। ৰাজ কবি চন্দ্ৰহাসৰ চাৰ্বাকে কেনেকৈ মানুহৰ বৌদ্ধিক মুক্তি সাধন
কৰিব পাৰে সেই কথা সোধাত বসুমিত্ৰই কলে- “ধৰ্ম-স্বৰ্গ-ঈশ্বৰ
বিশ্বাসৰ আতিশয্যৰ পৰা। চকুৰে দেখা ভাৰত ভূমি আছে
ব্ৰক্ষ্মপুত্ৰ-গঙ্গা-গোদাবৰী-কৃষ্ণাৰ পাৰে পাৰে বিশাল শস্যক্ষেত্ৰ, অৰণ্যভূমি আছে
প্ৰতি মানুহৰ হৃদয়ে হৃদয়ে। ধৰ্ম, স্বৰ্গ আৰু ঈশ্বৰ চিন্তাই সেই হৃদয় ক্ৰমে
কাৰাৰুদ্ধ কৰি নিঃশেষ কৰি পেলাইছে। চাৰ্বাক অবিহনে তাৰ প্ৰতিকাৰ নাই।”অৱশেষত মন্ত্ৰী দেৱদত্তই
অনুভৱ কৰিলে যে, বসুমিত্ৰ নামৰ এই ব্ৰাক্ষ্মণ পণ্ডিত এজনক প্ৰাণদণ্ড দিলেই চাৰ্বাক দৰ্শনৰ শেষ নহয়। গতিকে বসুমিত্ৰৰ
দৰে চাৰ্বাক দৰ্শন চৰ্চা কৰা সকলক যদি ভগৱানৰ নাম লবলৈ বাধ্য কৰোৱা হয়, তেতিয়াহে ৰাজ
সমস্যাটো সমাধান হব। গতিকে আৰম্ভ হল বসুমিত্ৰৰ সৈতে যুক্তি তৰ্ক।
ৰাজপুৰোহিত
সোমদেৱে কথা প্ৰসংগত বসুমিত্ৰক অযোধ্যাৰ জাবালি ব্ৰাক্ষ্মণৰ লগত তুলনা কৰে, যিজনে
ৰামক পিতৃ সত্য অৰ্থহীন বুলি বুজনি দিছিল। তেতিয়া বসুমিত্ৰই উত্তৰ দিছিল- “মোৰ বিশ্বাস
অযোধ্যা ৰজাৰ যুক্তিবাদী ব্ৰাক্ষ্মণ লোক জাবালি। কিন্তু মহাকবি জাবালিৰ চৰিত্ৰক
উদ্ভাসিত কৰিবলৈ ভয় কৰিলে, কাৰণ, জানোচা সঁচা কথা কৈ দিয়া হয়!কাৰণ জানোচা ৰামৰ
ব্যক্তিত্ব নিস্প্ৰভ হৈ যায়! যেতিয়া ধৰ্মান্ধতা আৰু অযুক্তিৰ আৱৰমে চতুৰ্দিশে
অন্ধকাৰ কৰি ৰাখিছিল, তেতিয়া শিখাৰ দৰে জ্বলিছিল জাবালি। কিন্তু হাতী প্ৰকাণ্ড
হলেও, হিংস্ৰ হলেও জন্তু বলী হলেও জুইৰ শিখাৰ কাষলৈ সচৰাচৰ নাহে।”
মন্ত্ৰী-ৰাজ
বিষয়াসকলৰ সৈতে এনেধৰণৰ বিতৰ্কৰ অন্তত বসুমিত্ৰক উন্মাদ অধম বুলি ককৰ্থনা কৰি
যিকোনো কৌশলেৰে তাৰ দ্বাৰা চাৰ্বাকৰ গুপ্ত বাসস্থানৰ সম্ভেদ উলিয়াবলৈ ৰাজ নিৰ্দেশ
দিয়া হল। এনেকৈয়ে বসুমিত্ৰক ৰাজ পৰিষদে জেৰা কৰি থকা এটা বছৰ পাৰ হল। ইফালে ৰজাৰ
নিৰ্দেশত সেনাপতি অনঙ্গপাল আৰু পণ্ডিত মাধৱেন্দ্ৰই চাৰ্বাক দৰ্শনৰ শাস্ত্ৰ পুথি
জব্দ কৰি ৰাজসভাত ঘুৰি আহি ৰজাক অৱগত কৰে। মাধৱেন্দ্ৰৰ মুখেৰে চাৰ্বাক শ্লোক গাই
ৰজাক শুনোৱা হয়- যাবৎ জীৱেৎ সুখংজীৱেৎ/ঋণং কৃত্বা ঘৃতং পিবেৎ/ ভস্মীভূতসা দেহস্য পুনৰাগমনঃ কুতঃ। দেৱদত্তই পৰামৰ্শ দিলে এই বাণীক সুধী সমাজত ৰহণ লগাই
প্ৰচাৰ কৰিব লাগে। সেই কথাৰ প্ৰতিবাদ কৰি বসুমিত্ৰই কয়- “তুলুঙা বাখ্যা আৰু
মন্তব্য দি মহান চাৰ্বাকক বিকৃত নকৰিব চন্দ্ৰহাসদেৱ। ..... তথাকথিত ঈশ্বৰপ্ৰেমীৰ
আতিশয্যাত মানৱ জাতিক ডুবাই নেমাৰিব।.... শুনক আমি সকলোৱেই প্ৰকৃতিৰ ওচৰত
ঋণগ্ৰস্থ, এই কথা সত্য। ঋণ অবিহনে দিন যোৱা নাই।”
অৱশেষত
বসুমিত্ৰৰ সৈতে কাৰাগাৰত থকা বন্দীসকলে প্ৰতিবাদ কৰে। বন্দী নৰ্তক ৰামকৃষ্ণক হত্যা
কৰাৰ সুবিচাৰ দাবী কৰে। তাৰ মাজতে ৰজা বীৰভানু নৰ্তকী তন্দ্ৰাৱতীৰ প্ৰেমত মচগুল হৈ
পৰে। ৰামকৃষ্ণ আছিল তন্দ্ৰাৱতীৰ স্বামী। তন্দ্ৰাৱতীৰ প্ৰতি ৰজাৰ দুৰ্বলতাৰ হেতু
বন্দীসকলক মুক্তি দিয়া হব বুলি ঘোষণা কৰিলে। কিন্তু প্ৰতিজন চাৰ্বাক অনুগামী
বন্দীয়ে ৰাজগুৰুৰ নিৰ্দেশত শাস্ত্ৰ বাণী নীতি বাক্য সন্মতিৰে পাঠ কৰিব লাগিব।
বসুমিত্ৰ শত বন্দীৰ স্বাৰ্থত পৰি বিপাঙত পৰিল আৰু ৰাজ আজ্ঞা অনুসৰি শাস্ত্ৰ বাণী
পাঠ কৰিবলৈ সন্মতি দিলে একমাত্ৰ বন্দীসকলৰ মুক্তিৰ বাবে। সদৌ শেষত ৰাজগুৰু সোমদেৱৰ
স্বৰ্গ আছে, ঈশ্বৰ আছে, আছে সুবিচাৰ বুলি বসুমিত্ৰৰ মুখেৰে কবলৈ কলে। তাৰ বিৰুধিতা
কৰি বসুমিত্ৰই সেয়া যুক্তিবিহীন অজ্ঞ মানুহক প্ৰবঞ্চনা কৰিবলৈ এমুঠি বুদ্ধিজীৱিৰ
বিস্তৃত এখন জাল অথবা অক্ষম জনৰ বাবে আত্মসন্তুষ্টিৰ এটি উপায় বুলি কয়। ৰাজগুৰুৱে বেদ-বেদাংগৰ আৰু মহাকাব্যৰ বৰ্ণিত
সত্য বন্দী সকলোৰে সুখৰ আৰু মঙ্গলৰ বাবে বসুমিত্ৰক কবলৈ নিৰ্দেশ দিয়ে যদিও
বসুমিত্ৰই প্ৰতিবাদী কন্ঠৰে কয়- “আচলতে তথাকথিত সত্য বিজয়ী শ্ৰেণীৰ সুখৰ কাৰণে আৰু
পৰাজিত শ্ৰেণীক বিকৃত কৰি নিন্দা কৰিবৰ কাৰণে। স্বৰ্গ আছে, ঈশ্বৰ আছে, আছে
সুবিচাৰ- এই কথা স্বীকাৰ কৰি ৰাজপুৰুহিতৰ পত্ৰখনিত মই চাৰ্বাকে স্বাক্ষৰ কৰিলো....
কিন্তু চাৰ্বাক আচলতে মই নহওঁ। চাৰ্বাকৰৰ শ শ পুথি ভষ্ম হল। কিন্তু মানুহৰ অন্তৰত
থকা চিৰন্তন কালৰ চাৰ্বাকক পুৰি শেষ কৰিব কিহে? কিহে?”
চাৰ্বাকৰ
নেতৃত্ব বা চাৰ্বাক দৰ্শনৰ প্ৰধাণ প্ৰচাৰক হিচাপে চৰিত্ৰ অংকন কৰা বসুমিত্ৰৰ
মুখেৰে ৰাইজলৈ এই প্ৰশ্ন এৰি দি নাট্যকাৰ ডঃ চন্দ্ৰধৰ চমুৱাই চাৰ্বাক নাটখনিৰ
সামৰণি মাৰিছে। দুই অংক দীৰ্ঘ নাটখনিৰ প্ৰথম অংকত আঠটা দৃশ্য আৰু দ্বিতীয় অংকত নটা
দৃশ্যত নাট্যকাৰে নাটখনিৰ সীমাবদ্ধতা ৰাখিছে। তদুপৰি নাট্যকাৰে দৰ্শকৰ ৰুচিৰ কথা
চিন্তা কৰি নাটকৰ মাজত দুটা কৌতুক চৰিত্ৰ প্ৰক্ষেপ কৰিছে। তাৰ মাজতে নৰ্তকী
তন্দ্ৰাৱতীৰ প্ৰতি ৰজাৰ প্ৰেমাকুলতাও নাটখনিৰ প্ৰধান উপজীৱ্য হিচাপে গণ্য কৰা
হৈছে।
কংস নাটকত চাৰ্বাকঃ-
ডঃ চন্দ্ৰধৰ চমুৱাৰ ‘কংস’ নাটকখনৰ বিষয়বস্তু পৌৰানিক যদিও তেওঁ নাটখনিৰ
যোগেদি বাস্তৱ আৰু বস্তুবাদী দিশৰ উন্মেষ ঘটাইছে। সাধাৰণতে কংস বুলি কলেই আমাৰ
মনলৈ আহে কৃষ্ণৰ হাতত স্বৰ্গগামী হোৱা এজন মহা পৰাক্ৰমী অসুৰৰ ছবি। ৰাস, ভাওনা
আদিতো সেই পৰাক্ৰমী অসুৰ চিত্ৰৰেই কংসক উপস্থাপন কৰি আহিছে পৌৰাণিক দিনৰ
পৰা।কিন্তু প্ৰকৃতাৰ্থত কংস কোন, কংস ইমান অস্থিৰ কিয়, কিয় কংসই পিতৃক কাৰাৰুদ্ধ
কৰিছিল- এনেবোৰ প্ৰশ্ন সাধাৰণ নাট্যকাৰৰ মনলৈ নাহিলেও ডঃ চন্দ্ৰধৰ চমুৱাই তেওঁৰ
অসাধাৰণ গুণ আৰু বিশ্লেষণাত্মক চিন্তা-ধাৰাৰ পৰিচয় দিছে তেওঁৰ প্ৰতিখন নাটকতেই।
কংস নাটকখনো তাৰ বিপৰীত নহয়।
ডঃ চন্দ্ৰধৰ চমুৱাৰ নাট
‘কংস’ত কংস চৰিত্ৰটো ট্ৰেজিক হিৰো
হিচাপে উপস্থাপন কৰিছে, যাক শ্বেক্সপীয়েৰৰ হেমলেটৰ দৰেই অস্থিৰ হিচাপে তুলনা কৰিব
পাৰি। কংসৰ জন্মতত্ব সম্পৰ্কে গৱেষণা কৰি ডঃ চমুৱাই কংস প্ৰকৃততে অনাৰ্য দৈত্য
গোভিলৰ পুত্ৰ বুলি প্ৰমাণ কৰিছে। ৰজা উগ্ৰসেনৰ পুষ্যপুত্ৰ কংস। নাটকৰ কাহিনীৰ
আৰম্ভণিতেই ৰাণীয়ে ৰাজপ্ৰসাদত ৰজাৰ পুৰুষত্বক ধিক্কাৰ দি প্ৰত্যাহ্বান জনায়। যাৰ
বাবে ৰজা উগ্ৰসেনে ৰাণীক নিৰ্বাসন দিয়ে। ৰাণীয়েও ৰজাৰ দৰ্প-অহংকাৰক ককৰ্থনা কৰি
ৰাজপ্ৰসাদ এৰি গুচি যায়।
ৰজা উগ্ৰসেনৰ পৰা
নিৰ্বাসিত হৈ ৰাণীয়ে অনাৰ্য দৈত্য গোভিলক স্বামী বৰণ কৰে। তেনেতে এদিন ৰজা
উগ্ৰসেনে চিকাৰ কৰিবলৈ যাওঁতে ককৰ্ষ ধুমুহা-গাজনি অহাত দৈত্য গোভিলৰ ঘৰত আশ্ৰয়
বিচাৰি সোমাল। ৰজাই প্ৰথমতে ৰাণীক চিনি পোৱা নাছিল যদিও ৰাণীয়ে ধুমুহা-গাজনিৰ
মাজতে এটা হাতীপোৱালী কান্ধত লৈ পাহাৰৰ তিলা এটাৰ পৰা তললৈ নমাই অনা দেখি ৰজা
হতবাক হৈ ৰাণীৰ প্ৰকৃত চিনাকি বিচৰাত ৰাণীয়ে- “অভ্যাসৰ নৰ
কৰ্ণপথে কৰে শৰ” কথাষাৰ দোহাৰিলে, যিষাৰ কথা ৰাণীয়ে
ৰাজপ্ৰসাদ এৰি আহোঁতে ৰজাক শুনাই আহিছিল। তেতিয়া ৰজাই ৰাণীৰ অসাধাৰণতা উপলব্ধি কৰি
দৈত্য গোভিলক হত্যা কৰি নিজ ৰাজ্য মথুৰালৈ পুনৰ লৈ যোৱাৰ প্ৰস্তাৱ দিলে। কেইদিনমান
পাছতে ৰজাই গোপনে বেশ সলাই আহি দৈত্য গোভিলক হত্যা কৰিলে। গোভিলক
হত্যা কৰি ৰাণীক ৰাজপ্ৰসাদলৈ নিবলৈ আহোতে ৰাণীৰ গৰ্ভত তেতিয়া আছিল অনাৰ্য দৈত্য
গোভিলৰ সন্তানৰ ভ্ৰুণ। ৰজা উগ্ৰসেনে অনাৰ্য দৈত্য গোভিলৰ সন্তান হলেও সেই সন্তানক
নিজৰ সন্তানৰ মৰ্যদা দিয়াৰ প্ৰতিশ্ৰুতি দিয়াত ৰাণী ৰাজপ্ৰসাদলৈ উভতিল। ৰাজপ্ৰসাদত
অনাৰ্য দৈত্য গোভিলৰ পুত্ৰ কংস জন্ম হল যদিও অস্পৃশ্য জাতি বুলি
কংস ধাইৰ ঘৰতহে ডাঙৰ হল। ইফালে উগ্ৰসেনৰ ফালৰ পৰাও দৈৱকী জন্ম হল। কংস ধাইৰ ঘৰত
আৰু দৈৱকী ৰাজপ্ৰসাদত ডাঙৰ-দীঘল হোৱাৰ পৰাই কংসই ভিতৰি অস্থিৰ হবলৈ আৰম্ভ কৰিলে। যিহেতু
কংস আছিল দৈত্যৰাজ গোভিলৰ সন্তান, সেয়ে জন্মতেই লাভ কৰা ৰাজকীয় গুণৰ বাবে যুৱক
কংসই মথুৰা ৰাজ্যৰ পৰা নিলগত এখন নিজা সমাজ প্ৰতিস্থা কৰিলে। তেনেতেই কংসৰ বন্ধু
অনাৰ্য কালযৱনে কংসৰ প্ৰকৃত পিতৃ গোভিলক যে ৰজা উগ্ৰসেনেই গোপনে হত্যা কৰিছিল সেই
কথা অৱগত কৰে আৰু পিতৃ হত্যাৰ প্ৰতিশোধ লবলৈ কংসক উদ্বুদ্ধ কৰি তোলে।
ক্ৰমাৎ বাঢ়ি গৈছিল কংসৰ অস্থিৰতা
আৰু পিতৃহত্যাৰ প্ৰতিশোধপ্ৰৱণতা। সেই কথা ৰাণীয়ে অনুভৱ কৰি কংসৰ মনৰ পৰা ভেদ ভাৱ দূৰ
কৰিবৰ চেষ্টা কৰি ভনীয়েক দৈৱকীৰ বিয়াৰ মহা আয়োজনৰ সমস্ত দায়িত্ব কংসক দিয়ে। ৰজা
উগ্ৰসেনে দৈৱকীৰ বিয়া যদুবংসৰ বসুদেৱৰ সৈতে পাতি বসুদেৱক ৰজা পতাৰ পুৰ্ব পৰিকল্পনা
আৰু পৰামৰ্শ দিছিল ৰাজ পুৰোহিতে, কিয়নো অনাৰ্য কংসক ৰাজ্য এৰি দিব নোৱাৰি। হাঁহিমুখেই কংসই মাতৃ আজ্ঞা মূৰ পাতি লৈ বসুদেৱক ভ্ৰাতৃ জ্ঞান কৰি ভনীয়েক দৈৱকীৰ
সৈতে বিয়া পাতি দিয়ে। কিন্তু দৈৱকীক পতিগৃহত থবলৈ যাওঁতেই অদৃশ্য কন্ঠই কংসক
সাৱধান বাণী সোনালে- “দৈৱকীৰ বিয়াত কংসই কৰা আনন্দ নিষ্ফল।
দৈৱকীৰ পুত্ৰই কংসক নিধন কৰিব।” লগতে অদৃশ্য কন্ঠটোৱে কংসক
পিতৃ হত্যাৰ প্ৰতিশোধ লবলৈ পুনৰ উদ্বুদ্ধ কৰিলে। কংসই লগে লগে দৈৱকীৰ বাবে মৃত্য
দণ্ডৰ আদেশ দিছিল যদিও বসুদেৱৰ অনুৰোধত জীৱন দান দি বন্দীশালত বন্দী কৰি ৰাখিলে।
ইয়াৰ লগতে দৈৱকীৰ গৰ্ভজাত প্ৰতিটো সন্তান নিধন কৰিবৰ বাবে বসুদেৱে কংসক অৰ্পন কৰিব
বুলি কংসৰ ওচৰত প্ৰতিশ্ৰুতি দিয়ে। নাট্যকাৰে কালযৱন চৰিত্ৰটো কংসৰ সেনাপতি হিচাপে
তথা কংসৰ সম্পৰ্কে সকলো কথা জ্ঞাত অনাৰ্য বীৰ পুৰুষ হিচাপে উপস্থাপন কৰিছে।
কালযৱনৰ মুখে দৰ্শকলৈ বাৰ্তা পঠাইছে কংস ইমান উগ্ৰ কিয়, ইমান কলহপ্ৰিয় কিয়, জেদী
কিয়। কংসৰ জৰিয়তে তাৰ উত্তৰ দিয়াইছে যে কংসই যি কৰিছে দুয়োকূল ৰক্ষা কৰি উপযুক্ত
বিচাৰ কৰি পিতৃ-মাতৃক আৰু বসুদেৱ-দৈৱকীক বন্দী কৰিলে। কিন্তু কালযৱনে এই কথা
বাৰম্বাৰ দোহাৰিছিল যে কংসৰ বৃদ্ধ পিতৃ-মাতৃয়েই ষড়যন্ত্ৰ কৰি কংসক দমনৰ কৌশল
ৰচিব, গতিকে তেওঁলোকক মৃত্যুদণ্ড দিব লাগে। কিন্তু অস্থিৰ কংসৰ মনৰ সুহৃদয়তাৰ বাবে
তেনে নকৰিলে আৰু কালযৱনৰ কথা পিছলৈ ফলিয়ালে। -এইয়াই কংস নাটকৰ কাহিনীভাগ আৰু
নাট্যকাৰৰ দৃষ্টিৰে কংস চৰিত্ৰটো।
ৰচনাৰ আলোচ্য বিষয়
চাৰ্বাক আছিল যদিও কংস নাটকৰ কাহিনীভাগ বৰ্ণনা কৰা হল। ডঃ চমুৱাই কংস নাটকৰ
কাহিনীভাগ আগুৱাই লৈ গৈছে চাৰ্বাকৰ যোগেদি। এই নাটকত ডঃ চমুৱাই নাস্তিক দৰ্শনৰ
প্ৰতীক চাৰ্বাকক এটা চৰিত্ৰ হিচাপে উপস্থাপন কৰিছে। আচলতে নাটকৰ গোটেই কাহিনীভাগ চাৰ্বাক
আৰু অক্ৰুৰৰ কথোপকথনেৰে আগুৱাই গৈ আছে। প্ৰস্তাৱনা দৃশ্যত ৰাণী আৰু ৰজা উগ্ৰসেনৰ
বাত-বিতণ্ডাৰ পিছতেই নাট্যকাৰে মঞ্চত অক্ৰুৰ আৰু চাৰ্বাকক প্ৰৱেশ কৰোৱাই কাহিনীভাগ
ফ্লেচব্ৰেক হিচাপে আৰম্ভ কৰিছে। চাৰ্বাকৰ মুখত সংলাপ দিছে- “এৰা, তাকে কয় বোলে খঙত পেট কাটি ছমাহলৈ শুকনী খায়। পিছে পেটৰ ঘা নুশুকায়হে
নুশুকায়।”চাৰ্বাকৰ মুখেৰে নাটকৰ কাহিনীভাগ আগুৱাই নিছে
এনেদৰে- “সৌ টিলাটো যে দেখিছা, তাৰ কাষতে কেইটামান ঘৰ আছিল।
তাতে কংসাৰি নামৰ এজন অৰণ্যচাৰী লোক আছিল। ৰাণীক পাই তেওঁ তালৈ লৈ গল, তেওঁৰ লগত
সংসাৰ কৰিলে। এদিন ৰজা উগ্ৰসেন য’ক সেই ঠাইলৈ।” এনেদৰে অক্ৰুৰ ভকতে সুধি যায় আৰু চাৰ্বাকে কাহিনীটো কৈ যায়। চাৰ্বাকে
অক্ৰুৰক ভকত মানুহৰ দোহাই দি অ’ৰ কথা ত’ত লগাই ফুৰিব পাৰে সেয়ে বিশ্বাস নাই বুলি কোৱাত অক্ৰুৰে ভগৱন্তৰ সেৱক বুলি
নিজক সুৰক্ষা দিবলৈ প্ৰয়াস কৰিছিল। তাৰ পাছত চাৰ্বাকে নিজৰ পৰিচয় দাঙি ধৰি কলে- “নাস্তিক চাৰ্বাকৰ ওচৰত তোমাৰ প্ৰভু ভগৱন্তৰ দোহাই দি কি লাভ। শুনিব খুজিছা
শুনা।”
ইয়াতো নাট্যকাৰে
চাৰ্বাক চৰিত্ৰটো বস্তুবাদী দৰ্শনৰ পণ্ডিত আৰু সৰ্বজ্ঞাতা হিচাপে উপস্থাপন কৰিছে
যদিও নাটখন উপভোগ কৰি দৰ্শকে চাৰ্বাক দৰ্শন সম্পৰ্কে যথাৰ্থ জ্ঞান নাথাকিলে
চাৰ্বাকক অক্ৰুৰ চৰিত্ৰটোৰ ষষ্ঠ ইন্দ্ৰিয়ৰ চেতনা হিচাপেও অনুভৱ কৰিব। অন্যহাতে,
কংসই যেতিয়া পিতৃ মাতৃ আৰু দৈৱকী বসুদেৱক বন্দী কৰাৰ পাছত যেতিয়া অক্ৰুৰে চাৰ্বাকৰ
আগত কংস ৰজা বলিয়া, অস্থিৰ হোৱা বুলি প্ৰকাশ কৰে, তেতিয়া চাৰ্বাকে উত্তৰত কয়- “কংসৰ মনত অস্থিৰতা হৈছে বুলি কেনেকৈ ক’লা? সকলো সি পৰিকল্পিতভাৱে কৰিছে। অস্থিৰ মনে পৰিকল্পনা কৰিব নোৱাৰে।” তাৰ পাছত দৈৱকীৰ পুত্ৰবোৰক বধ কৰাৰ বাবে স্বজাতিক বধ কৰাৰ বাবে কংসৰ
নৃশংসতাক অক্ৰুৰে সমালোচনা কৰোতে চাৰ্বাকে উত্তৰ দিছে- “এৰা,
তাকে কৈছো। হিংস্ৰতা মানুহৰ প্ৰকৃতি। ই সংস্কৃতিৰ আঁৰত লুকাই থাকে। কিন্তু
পৰিস্থিতিৰ তাড়নাত এবাৰ যেতিয়া সেই প্ৰকৃতিয়ে সাৰ পাই উঠে তেতিয়া ক্ৰমে ক্ৰমে সি আচৰণত পৰিণত হয়। এটা অপৰাধে আন এটা অপৰাধৰ সমল
যোগায়।”
ডঃ চন্দ্ৰধৰ চমুৱাৰ কংস
নাটকখন বিশেষকৈ এমএচআৰ(অপেশাদাৰী) ধৰ্মী নাটক হিচাপে গণ্য কৰা হৈছে। নাট্যকাৰে
দৃশ্য সজ্জাৰ কোনো বিশেষ নিৰ্দেশনা দিয়া নাই। তথাপি নাটকৰ চৰিত্ৰবোৰৰ বক্তব্যক নাট্যকাৰে
বিশেষ গুৰুত্ব দিছে। উল্লেখযোগ্য যে, নাট্যকাৰ ডঃ চন্দ্ৰধৰ চমুৱাই কংস নাটকত অতি
কৌশলেৰে উপস্থাপন কৰা অক্ৰুৰ আৰু চাৰ্বাক দুয়োটা চৰিত্ৰ একেলগে কথোপকথন কৰোৱাইছে
যদিও দুয়োটা চৰিত্ৰ আকাশ-পাতাল প্ৰভেদ। এফালে সম্পূৰ্ণ ঈশ্বৰ সেৱক অক্ৰুৰ আৰু
আনফালে নাস্তিক দৰ্শনৰ চাৰ্বাক। অক্ৰুৰ চৰিত্ৰটোৰ উপস্থাপনৰ যোগেদি নাট্যকাৰে
সমাজত যুগে যুগে চলি অহা ভকতৰূপী সাধু মহন্তসকলে যে সমাজৰ এক শ্ৰেণীৰ মানুহক হীন
বুলি হেয় জ্ঞান কৰিবলৈ বাকীসকলক উদ্বুদ্ধ কৰিছে তাৰেই বাৰ্তা বহন কৰিছে। তদুপৰি সাধু-মহন্তৰ
সৈতে চাৰ্বাকৰ নাস্তিকতাৰ সংমিশ্ৰন ঘটাইছে।
ডঃ চমুৱাৰ চাৰ্বাক আৰু
কংস দুয়োখন নাটকতে তেওঁ বস্তুবাদী দৰ্শন উপস্থাপন কৰাই সমাজত প্ৰচলিত অন্ধবিশ্বাসৰ
বিৰুদ্ধে সচেতনতা গঢ় দিয়াৰ প্ৰয়াস কৰিছে। তেখেতে নাটকৰ যোগেদি যি বাৰ্তা বিংশ
শতিকাৰ শেষৰ ফালে প্ৰেৰণ কৰিছিল, তেনে ঘটনা পৰিঘটনা আজিৰ সমাজটো উপলব্ধ। মাথো তাৰ দৃশ্যপট
সলনি হৈছে।সাম্প্ৰতিক সময়চোৱাত সাম্প্ৰদায়িকতা আৰু ধৰ্মীয় যুঁজত মানৱতা ক্ষেত্ৰত
চূড়ান্ত বিধ্বস্ত, ভংগুৰ আৰু যি বিপৰ্যয়ে সকলোৰে অলক্ষিতে চানি ধৰিছে, এনে সময়ত
চন্দ্ৰধৰ চমুৱাৰ চাৰ্বাক দৰ্শনৰ নীতি আদৰ্শ সমাজৰ বাবে কিছুপৰিমাণে হলেও প্ৰয়োজনীয়
হৈ পৰিছে। কিন্তু চাৰ্বাক দৰ্শন বুলিলেই মুখ কোচোৱা একাংশই গভীৰভাৱে চিন্তা কৰিব
লাগে চন্দ্ৰধৰ চমুৱাৰ চাৰ্বাক নাটকৰ বসুমিত্ৰ চৰিত্ৰটোৰ বিষয়ে। তেতিয়া নিশ্চিতভাৱে
উপলব্ধি কৰিব যে সাধু সন্ত মহন্তই ধৰ্মৰ নামত সমাজত মানৱতাৰ কিদৰে অপচয় কৰি আহিছে।
ইফালে কংস নাটকখনৰ যোগেদিও অধ্যয়নশীল চিন্তাশীল পাঠক-দৰ্শকে অনুভৱ কৰিব সমাজত
প্ৰচলিত হিংস্ৰতাৰ আঁৰতো এচাম সাধু মহন্তৰ কুমন্ত্ৰণা নিহীত হৈ থাকে। চাৰ্বাক
দৰ্শনে অন্ধভাৱে নহয়, কিন্তু প্ৰতিটো কথা যুক্তিৰে বিবেচনা কৰিবলৈ উদ্বুদ্ধ কৰে,
সেই কথাকেই দুয়োখন নাটকৰ যোগেদি প্ৰতিপন্ন কৰি গৈছে নাট্যকাৰ ডঃ চন্দ্ৰধৰ চমুৱাই।
সহায়ক উত্স- ১।
চাৰ্বাক, ডঃ চন্দ্ৰধৰ চমুৱা।
২। নাট্যাৱলী, ডঃ চন্দ্ৰধৰ চমুৱা।
৩। দৰ্শন আৰু বুৰঞ্জীৰ সহায় লোৱা
হৈছে।