About Me

Tuesday, June 18, 2019

সতীত্ব আছিল নে সীতা দেৱীৰ

ৰাৱণৰ প্ৰেমৰ মাজত
স্বৰ্ণলংকাত মনোৰম দিনবোৰ
অতিক্ৰম কৰি ঘুৰি আহি
সীতা বাৰু হৈছিল নে সুখী?

নাৰীৰ কামনাৰ ভোগ বিলাসৰ
ৰাজপ্ৰসাদ এৰি-
কিদৰে সুখী হব পাৰে
জনকনন্দিনী সীতা দেৱী?

সেয়ে হয়তু সুখী হৈছিল
প্ৰেমত পৰিছিল
স্বৰ্ণলংকাৰ আৰু ৰাৱণৰ
পুৰুষত্বৰ অক্ষয় আলোকৰ।


সীতাও আছিল নাৰী
পুৰুষৰ আলিংগনত সঞ্চাৰিত হৈছিল
সীতাৰ দেহতো কামনাৰ জুই-
যি কামনা পুৰণ কৰিবলৈ
অক্ষম আছিল ভগৱান ৰাম
কাৰণ পিতৃৰ দৰেই ৰামো আছিল পুৰুষত্বহীন।

সেই যে বনবাসৰ পৰা ঘুৰি আহি
গৰ্ভৱতী হৈছিল জনক নন্দিনী
সেয়া বাৰু সম্ভৱ আছিল নে
কাপুৰুষ ৰামৰ দ্বাৰা...?
সীতাই বাৰু প্ৰেমিক ৰাৱণৰ
পুৰুষত্বক ধাৰণ কৰা নাছিল নে গৰ্ভত
নহ'লেনো কেনেকৈ পাৰিছিল ৰামে
গৰ্ভৱতী সীতাক বনত এৰি দিবলৈ?

এৰা... কাপুৰুষ ৰাম অস্থিৰ হৈ উঠিছিল
যেতিয়া দৈৱশ্ৰীৰ পৰা জানিব পাৰিছিল-
সীতাৰ প্ৰতি ৰামৰ যি বিশ্বাস
সকলো মিথ্যাৰ বাহিৰে একো নাছিল।

ৰামৰ দৰে দুৰ্ভগীয়া আৰু ৰাৱণৰ দৰে
সুখী হব পৰা সকলহে প্ৰেমিক নেকি?
সতীত্ব হেৰুৱাইও সুখী হৈছিল সীতা দেৱী-
কাৰণ কাপুৰুষ ৰামৰ বিপৰীতে
সৌম্য গম্ভীৰ আৰু জ্ঞানী প্ৰেমিকৰ স্পৰ্শত
সীতা হৈ উঠিছিল বাসনাময়ী।

আৰু কি হৈছিল আপুনি জানেনে-
ৰামৰাজ্য এৰি যেতিয়া
গৰ্ভৱতী সীতা বনলৈ আহিছিল
স্বৰ্গৰ দেৱগন আৰু ঋষিসকলক
প্ৰেমৰ আবেগেৰে উদ্বাউল কৰি
সীতা হৈ উঠিছিল কামনাৰ ৰাণী।

(দৈৱশ্ৰী- এক কাল্পনিক নাম, যাৰ দ্বাৰা ৰামে সীতা আৰু ৰাৱণৰ প্ৰেমৰ কথা জানিব পাৰিছিল।)
(দ্ৰষ্টব্যঃ- প্ৰাঞ্জল বুঢ়াগোহাইৰ "মই তোমাক বেয়া পাওঁ ৰাৱণ" নাটকৰ পাছত সীতা চৰিত্ৰক পুনৰ নিৰ্মাণৰ যোগেদি ৰচিত এটি কাল্পনিক কবিতা।)


ঘাঁমবোৰ বিচাৰি


কুৰুকি কুৰুকি সোমাই গৈছো
মেৰিয়াই লৈছো এড়ীয়া চেলেংখন
শীতলতা নেওচি উম বিচাৰি

তুমি সিদিনা আঁতৰি যোৱাৰ পিছৰ পৰাই
মোৰ বুকুলৈ হীমবোৰ নামিছিল
ঠেৰেঙা লাগিবলৈ ধৰিছিল বুকুৰ নুমবোৰ

উহ! ককৰ্ষ মেঘৰ গাজনিত বুকুখন কঁপিছে
তুমি কত! তুমি কত আছা মোৰ সোন!

এই শেষ নিশাৰ বিচনাত, মেঘৰ গাজনিত
তোমাক পোৱা হলে কাষত
টানকৈ বুকুত সাৱতি থাকিলোহেতেন
ভয় খেদি খেদি... ...

তাৰ পাছত, পুনৰ হেঁপাহৰ উচাহত
ইমান শীতৰ মাজতো
গলোহেতেন চাগে ঘাঁমবোৰ বিচাৰি... ...

প্ৰেমৰ নিচা


প্ৰথম দেখাৰ পৰা কালিলৈকে
ইটো সিটোৰ পৰিপূৰক আছিলো
ভবা নাছিলো এদিন বিপৰীত '
তোমাৰ মোৰ মতবোৰ

হঠাৎ আজি তোমাৰ ব্যতিক্ৰমী আয়োজন
মোৰ ভুলৰ এশ এবুৰি উজৰ উজাৰি
আগ পিছ নুগুনি উফাল মাৰি
তুমি পালাগৈ শেষ সিদ্ধান্তৰ

এবাৰো নাভাবিলা তুমি
ভালপোৱা অৰণ্যৰ গভীৰতা কিমান বেছি
এবাৰ যি সোমাব পাৰি
পাছত উলাওঁ বুলিলেই যাব নোৱাৰি
কাৰণটো জানাই তুমি
সেয়াইটো প্ৰেমৰ নিচা লগা ৰাগী



Monday, June 17, 2019

তেওঁ শিল হ’ল


ফুলৰ দৰে ফুলি অহা
শব্দৰে মৌ-বিচনী অঁকা
মৌজনী কিছুদিন আগতে
হঠাতে শিল হ

ভাৰসাম্য হেৰুৱা
ফেৰীৱালা এজন আহিছিল
তাৰ অসংজতাত
বিভ্ৰান্তিত পৰি তেওঁ শিল হৈছিল।



এগৰাকী নাৰীৰ বিষন্নতাত



এগৰাকী নাৰীৰ বিষন্নতাত বুৰ গৈ
এমুকুৰা হাঁহি গুজি দিলো তেওঁৰ বুকুত
তেওঁ সান্নিধ্য বিচাৰি হৈ পৰিল ব্যাকুল
এদিন মবাইলত মেচেজ আহিল-
গুড নাইট মাই লিটল হাৰ্ট...।
এদিন কলে- মোৰ শেহতীয়া সপোন এটা ওলাইছে
আনি দিয়ানা কাকতখন মোক,
হয়তু আজিয়েই খহি পৰিব পাৰে
তোমাৰ নিহালীত মোৰ অনুভৱৰ পপীয়া তৰা,
পাই যাব পাৰা বাসনাৰ চৰম তাড়না...।
এদিন তেওঁৰ উন্মনা ঢৌবোৰ মোৰ বুকুত নাছিছিল
সেঁউজীয়াৰ পৰা হালধীয়া হৈ নীলাত বিলীন হৈ পৰিছিল...।
মোৰ সমূখতে হৈ পৰিছিল শূণ্যতাৰ এখন কেনভাচ...।
সেই শূন্যতা মোৰ হাতেৰে ধুকি নোপোৱা,
আকাশৰ সীপাৰৰ... সৌ তাত আজি
কেৱল স্মৃতিৰ বুকুচাত উঠি ফুৰে তেওঁৰ কেনভাচ...
কেৱল স্মৃতিৰ বুকুচাত...।
মোৰ দুহাতেৰে ঢুকি পাব নোৱাৰি,
চুলিৰ তীব্ৰ গোন্ধৰ নিচান এটি পাব নোৱাৰি,
কথাৰ ঢৌত খেলি খেলি উটি যাব নোৱাৰি,
হাঁহিৰ মূৰ্চনাত আজি বুৰ যাব নোৱাৰি,
মোৰ হৃদয়ত কুষ্ঠৰুগে শিপা মেলিছে...
তেওঁ আজি সপোন আৰু স্মৃতিৰ সীপাৰে...
মোৰ পৰা নিৰ্ভয় দূৰত্বত
জীৱনৰ পোখা মেলিছে...

ছালভাদৰ দালিঃ এক অধিবাস্তৱবাদী জিনিয়াছ


       সততাৰে কওঁ শুনা... মই অসসতাৰে ছৱি আঁকো।
বিংশ শতিকাৰ শিল্প-সাহিত্যৰ ক্ষেত্ৰত পৃথিবীত এনে উদ্ভৱ মন্তব্য দিব পৰা এগৰাকীয়েই শিল্পী আছিল, তেওঁ হল ছালভাদৰ দালিজন্মসূত্ৰে স্পেইন নিবাসী ছালভাদৰ দালিৰ জীৱন পৰিক্ৰমা আছিল অতি বিচিত্ৰ আৰু ৰোমাঞ্চকৰসমগ্ৰ শৈশৱ কালছোৱা এখন মাছমৰীয়া গাঁৱত পাৰ কৰা দালিয়ে যৌৱন কালটো পাৰ কৰে পৰ্টলিগাটৰ এক প্ৰাসাদোপম ভিল্লাত। মাত্ৰ তিনিখন চমটকাৰ ছবিৰেই বিশ্ববিখ্যাত হৈ পৰা দালি ১৯২৯ চনলত পেৰিছলৈ যাত্ৰা কৰে আৰু অধিবাস্তৱবাদী শিল্প দলৰ সদস্য পদ গ্ৰহণ কৰে। অৱশ্যে একেটা বছৰতেই অধিবাস্তৱবাদী দলৰ এক সক্ৰিয় সদস্য হোৱা সত্বেও ৰাজনৈতিক মতাদৰ্শগত সংঘাতৰ বাবে দালি সেই দলৰ পৰা বিতাড়িত হব লগা হৈছিল কিন্তু তাৰ বাবে তেওঁৰ নাছিল কোনো আক্ষেপ।
দালিয়ে কৈছিল- সমাজত যদিহে ভাই সন্মান বিচাৰা, মানে সন্মান পাব পৰাটোতো খুবেই ভাল কথা, তেনেহলে তোমাৰ ওঠন বয়সতে, সেই সমাজখনক- যাক তুমি প্ৰাণভৰি ভাল পোৱা, সেই সমাজখনৰ সোঁ-কলাফুলতে এটা প্ৰচণ্ড গুৰ সোধাব পৰাকৈ তুমি অপাৰ প্ৰতিভাৱান হব লাগিব।১৯৫৬চনৰ মে মাহৰ কোনোবা এটা দিনত জীৱনৰ সফলতাৰ উপায় বিচাৰি দালিৰ ওচৰলৈ অহা এজন চেঙেলীয়া ডেকাক এই উপদেশ দিছিল দালিয়ে। যি নিজৰ জীৱনটো তেনেদৰেই অদ্ভুদ কাৰ্যকলাপৰ মাজেৰে আগুৱাই নিব পাৰে তেনে লোকেহে এনে অদ্ভুদ দিহা দিয়াটো সম্ভৱ।
ছালভাদৰ দালিৰ উদ্ভ মনস্তত্তৰ প্ৰকৃত গূঢ়াৰ্থ বিচাৰ কৰিবলৈ হলে আমি তেওঁৰ শৈশৱত দৃস্তিপাত কৰিব লাগিব। স্কুলীয়া কালতো দালি প্ৰকৃততেই মেধাসম্পন্ন আছিল যদিও নিজকে সদায় আনৰ দৃষ্টিত মহামুৰ্খ সঁজাবলৈ আপ্ৰাণ চেষ্টা কৰিবছিল। অৱশ্য, কোনো কামৰ প্ৰতি তেওঁৰ যদি আগ্ৰহ জন্মিছিল, সেই কামত তেওঁ অত্যন্ত একানপতীয়াকৈ লাগি থাকিব পাৰিছিল। শৈশৱৰ কুমলীয়া বয়সতে দালিয়ে তেওঁৰ পিতৃৰ বিশাল লাইব্ৰেৰীত থকা শাৰী শাৰী কিতাপবোৰৰ মাজত কেৱল নাস্তিকতাবাদৰ ৰেঙনি পাইছিল, যিবোৰে তেওঁৰ মনত ঈশ্বৰৰ অস্তিত্বৰ প্ৰতি সম্পুৰ্ণ উদাসীন ভাৱধাৰৰ সৃষ্টি কৰিছিল। তেওঁ পিতাকক জীৱিত কালত কেৱল নিদাৰুণ মানসিক যন্ত্ৰণা আৰু উপহাসহে দিছিল বুলি তেওঁ নিজে আত্মজীৱনীত উল্লেখ কৰিছে যদিও প্ৰকৃততে তেওঁ ভিতৰি ভিতৰি পিতাকৰ অত্যন্ত গুনমুগ্ধ আছিল আৰু পিতাকৰ পদানুকৰণ কৰিছিল। সেই সময়তে দালিয়ে ভল্টেয়াৰৰ দৰ্শনৰ অভিধানৰ প্ৰতিটো পৃষ্ঠাৰ সাৰমৰ্ম অনুধাৱন কৰি ঈশ্বৰহীনতাৰ বিশ্বাসত শানিত হোৱা আৰু নীছেৰ উদাত্ত ঈশ্বৰ মৃত্যুৰ ঘোষণাৰ প্ৰতি সন্দিহান হৈ উঠিছিল। দৰাছলতে দালিৰ মতে নীছে এনে এজন দুৰ্বল মানুহ, যি নিজৰ দুৰ্বল আত্মাৰ বাবেই পগলা হবলৈ বাধ্য হল, কিন্তু দালিয়ে পুনৰ কলে যে এই পৃথিবীত নিছে পগলা হোৱাৰ তেনে কোনো কাৰণ নাছিল। তাত্পৰ্যপুৰ্ণভাৱে দালি নীছেৰ মুছকোচাৰ প্ৰতি আকৰ্শিত হৈ উঠিছিল আৰু নিজৰ মুচকোচাও নিছেৰ দৰেই ৰাখিছিল। তেওঁ পিছে নিছেৰ মুচকোছাতকৈ নিজৰ মুচকোচাৰ পাৰ্থক্য দেখুৱাবলৈ কৈছে যে- মোৰ মুচকোছা নীছেৰ দৰে ৱেগনাৰৰ সংগীত নহয় আৰু ধুঁৱলী-কুঁৱলী ভাৱনাৰ ভৰত নিৰাশজনক আৰু সৰ্বনাশী হৈ উঠা নাই। বৰঞ্চ মোৰ মুচকোছা হৈ পৰিছে অতি যুক্তিবাদী চিন্তা আৰু ৰৈখিক শূণ্যতাৰে সুন্দৰ, ৰহস্যবাদী আৰু সৰগৰ পিনে উৰ্দ্ধমুখী।
দিনকদিনে বাঢ়ি গৈছিল দালিৰ অধিবাস্তৱবাদীতা। অৱশেষত নিজৰ অতি অধিবাস্তৱবাদীতাৰ বাবেই তেওঁ অধিবাস্তৱবাদী শিবিৰৰ পৰা নিষেধাজ্ঞাৰ সন্মুখীন হৈছিল। দালিৰ মতে সেই অধিবাস্তৱবাদী শিবিৰৰ প্ৰতিজনেই প্ৰকৃততে আছিল একো একোজন বুৰ্জোৱা। কিন্তু তাৰ মাজতে দালিক বুজি পোৱা আৰু দালিনীয় অদম্য সত্তাক চিনি পোৱা প্ৰথমগৰাকী আছিল গালা। যেতিয়া দালিয়ে অধিবাস্তৱবাদী শিবিৰত যোগদান কৰিছিল তেতিয়াই দালিৰ পৰিয়ালবৰ্গৰ দৰেই তেওঁলোকে দালিৰ ওপৰত নানান বাধ্যবাধকতা জাপি দিবলৈ ধৰিলে। তাৰ মাজতে গালাই দালিক সকীয়াই দিছিল আৰু সাহিত্য-কলাৰ সকলো আন্দোলনৰ পৰা এক নিৰাপদ দূৰত্ব বজাই ৰাখিবলৈ উপদেশ দিছিল। কিন্তু দালিয়ে সেই সময়ত গালাৰ উপদেশক গুৰুত্ব আৰূপ নকৰি অযুক্তিবাদীসকলৰ নীছেৰ দৰেহে পৰিগণিত হবলৈ বাঞ্চা কৰিছিল। দালিয়ে নিজেই কৈছে- মোৰ দৰে এক আত্মমগ্ন-নিমগ্ন যুক্তিবাদীয়েহে অনুধাৱন কৰিবলৈ সক্ষম হৈছিল যে তেওঁ নিজে কি বিচাৰে। মনস্থ কৰা নাছিলো। মই বিশ্বাস কৰিছিলো যে অদিবাস্তৱবাদী শিল্পীসকলৰ অযুক্তিবাদৰ নিষ্ক্ৰিয় আত্মমুগ্ধতাক মই সৰ্বাংগ সুন্দৰ ৰূপত যুক্তিবাদী সক্ৰিয়তালৈ ৰূপান্তৰ কৰিবলৈ আত্মোত্সৰ্গ কৰিম। হয়, মই বিচাৰিছিলো ‘Conquest of the irrational’- অযুক্তিৰ বিৰুদ্ধে বিজয়।
দালিৰ মতে তেওঁৰ নিজৰ শৈল্পীক যাত্ৰা আৰম্ভ হৈছিল বিষ্ঠাৰ এক ৰূপকল্পৰ পৰা। যাক অধিবাস্তৱবাদী শিবিৰে মনোবিশ্লেষণধৰ্মী মনোভাৱেৰে বুজিবলৈ চেষ্টা কৰা নাছিল বুলি দালিয়ে অভিযোগ তুলিছে। দালিৰ মতে, বিষ্ঠাৰ পৰা আৰম্ভ হোৱা ৰূপকল্পৰ যি শৈল্পীক যাত্ৰা, সি সোণবৰ্ণী সৌভাগ্যৰ প্ৰতীকৰূপে ধৰা দিলেহেতেন। তদুপৰি দালিৰ বিশ্বাস আছিল যে, অধিবাস্তৱবাদী সকলক তেনেধৰণৰ কিছুমান তথাকথিত অশ্লিল উপাদানেৰেহে উদ্ধাৰ কৰিব পাৰিব। কিন্তু অধিবাস্তৱবাদী সকলৰ বাবে আগবঢ়োৱা দালিৰ  বিষ্ঠাৰ ৰূপকল্প গ্ৰহণ নকৰিলে। দালিৰ মতে তাৰ বিশ বছৰৰ পাছত আঁদ্ৰে ব্ৰেটেঁই ৰচনা কৰা বিখ্যাত ANAGRAM ‘AVID Dollar’ৰ উত্সৰ আৰম্ভণি দৰাচলতে দালিৰ সেই সময়ৰ উপস্থাপনবোৰৰ ইফাল সিফাল কৰি সৃষ্টি কৰা।
যিহেতু ঈশ্বহীনতাৰ বিশ্বাস ছালভাদৰ দালিৰ হাড়ে-হিমজুৱে শিপাই পৰিছিল ধৰ্ম-অধৰ্মৰ কোনো কথাই গুৰুত্ব নিদি সহস্ৰত্বম পাপত নিমগ্ন হোৱাই হৈ পৰিছিল দালিৰ জীৱনৰ একমাত্ৰ উদ্দেশ্য। সেইবাবেই তেওঁ নিজস্ব চেতনা আৰু সাৰ্বিক অন্তঃকৰণৰ একাগ্ৰতাৰে শৈল্পীক সম্পৰীক্ষাবোৰ চৰম বিৰোধাভাষযুক্ত পৰ্যায়লৈ লৈ গৈছিল। সৃষ্টি কৰিছিল সন্দেহকামিতা আৰু ভণ্ডামি উন্মোচনৰ পথ। অধিবাস্তৱবাদী সকলে উত্খাত কৰা কলা উপাদানবোৰক দালিয়ে ছদ্মবেশেৰে গ্ৰহণযোগ্য কৰি তুলিবলৈ সক্ষম হৈছিল আৰু সেয়ে তেওঁলোকে বাজে বস্তু বুলি আওকান কৰা নিতম্বক দালিয়ে অংকন কৰিছিল মেকিয়াভেলিৰ দৰ্শনৰ দৰে এক বিভংগ-ভংগীল ভংগীমাৰে। তেনেদৰেই দালিয়ে সৃষ্টি কৰিছিল পেৰানইক বিশ্লষণধৰ্মী এক চিত্ৰধাৰা।
ক্ৰমান্বয়ে গালা যে দালিৰ প্ৰতি আষক্ত, সেই কথা প্ৰতিপন্ন হৈ উঠিছিল যেতিয়া তাই ৰঙৰ দোকান, পুৰণি বস্তুৰ ডিলাৰ আদিনৰ পৰা ৰং-তুলিকা আদিৰ দৰে বিবিধ সামগ্ৰী কিনাত ব্যস্ত থাকিছিল। তেতিয়া দালি ব্যস্ত আছিল ‘Persistence of Memory’ শীৰ্ষক ছৱিখনৰ দৃশ্যপট অংকন কৰাত।  সেই সময়ত দালিৰ অনুভৱ প্ৰকাশ কৰিছিল- ঘড়ীবোৰ গেলিবলৈ ধৰিছিল। দ্ৰব্যবোৰৰ বান্ধোন, ঐক্য, সংযম ক্ৰমশঃ সিথিল হৈ আহিছিল। শূণ্যত ওপঙি আছিল এক তৰলীকৃত ভজা কণীৰ চূৰ্ণ বিচূৰ্ণ বিভংগ আকাৰ। মোৰ ধূসৰ স্মৃতি ছায়াৰ আদিম অন্ধকাৰত ভাহি থকা সেয়া মোৰ মাতৃগৰ্ভৰ নিবিড় স্বৰ্গখনৰ দৃশ্যৰূপ!উল্লেখ্য যে, ডঃ ভূপেন হাজৰিকাৰ জীৱন ঘড়ীৰ প্ৰতিটো পল, যেন গলি গলি গ শীৰ্ষক গীতটোৰ নেপথ্য কাহিনী আৰু দালিৰ Persistence of Memory শীৰ্ষক ছৱিৰ আধাৰত আছিল।
ব্যক্তিগত জীৱন আৰু শিল্পকৰ্মত নিহিত হিউমাৰ, আইৰণি আৰু ছিৰিয়াছ জীৱন জিজ্ঞাসাৰে বিশ্ব কলা পৰিমণ্ডলৰ এজন আগশাৰীৰ Master Artist ৰূপে পৰিগণিত হোৱা ছালভাদৰ দালি ওৰে জীৱন নিমগ্ন হৈ থাকিলৱ Psychopathology ফ্ৰয়েদীয় দৰ্শনৰ দিকনিদৰ্শনেৰে অধিবাস্তৱিক বীক্ষণ, স্থিৰচিত্ৰসুলভ যথাৰ্থবাদীতা আৰু একধৰণৰ কথাছৱি সদৃশ চিত্ৰ ফ্ৰেমিঙৰ শৈলীৰ শিল্পকৰ্মবোৰত প্ৰতিফলিত হৈছিল তেওঁৰ অদম্য কল্পনাশক্তি আৰু সৃজনী প্ৰতিভা। তেওঁৰ শিল্প কৰ্মবোৰত মানুহৰ জন্ম যন্ত্ৰণা, নিঃসংগতা, বিষাদগ্ৰস্ততা, আদিক উন্মুক্ত জৰায়ু, মানৱ ভ্ৰুণ, থেঁতেলা খোৱা পুৰুষাংগ, কালাতীত কোনো নৈসৰ্গ, মায়াবী অতি বাস্তৱত বাহি থকা টেবুল, চকী, জখলা, আদি ছৱিৰ দ্বাৰা প্ৰতিফলিত হৈছে। শিল্পী দালিৰ এনে ধাৰণাবোৰক বিকৃত মস্তিস্কৰ অহৌবলীয়া বুলি কিছুমানে অনুভৱ কৰিব অপাৰ কৌতুহল আৰু তীব্ৰ আকৰ্ষন, আন কিছুমানে উদ্ভট চৰিত্ৰৰ বাবে আওকান কৰিব। কিন্তু পাৱলো পিকাছোৰ পিছতেই আশ্চৰ্যময় শৈল্পিক প্ৰতিভা আৰু উদ্ভট চৰিত্ৰৰ চমক তথা বিতৰ্কৰে শিল্প কলাৰ পৰিমণ্ডল কঁপাবলৈ সক্ষম হোৱা ব্যক্তিজন নিশ্চিতভাৱেই ছালভাদৰ দালি। তেওঁৰ ওপৰলৈ পাকখোৱা একোচা অদ্ভুট মোচেৰে সুপৰিচিত হৈ আত্মা প্ৰশস্তি, তীব্ৰ কৌতুকপূৰ্ণ শ্লেষাত্মক কথনভংগী আৰু শাণিত ব্যংগই charlation উপাধি কঢ়িয়াই আনিছিল যদিও আধুনিক শিল্পকলাৰ ইতিহাসত ছালভাদৰ দালি এক বৈভৱশালী আশ্চৰ্যতম শিল্পীসত্তা। যাৰ বাবে বিশ্ব বিখ্যাত শিল্পী জে.চি. বালাৰ্ডে কৈছিল- যোৱা কুৰি শতিকাটোৰ যদি এটি এপিটাফ বা Obituary লিখিব লগা হয় যি দুটা স্মাৰক শব্দই আমাৰ মনত উদ্ভাসি উঠিব- সি হৈছে জ্ঞান আৰু দুঃস্বপ্ন। যোৱা শতিকাটো জ্ঞান আৰু দুঃস্বপ্নৰে ভৰা শতিকা। Obituaryটোৰ ওপৰত শতিকাটোৰ যিখন প্ৰতিকৃতি থাকিব, সেইখন যদি কোনোবাই অংকন কৰিছে, তেওঁ ছালভাদৰ দালি।
সহায়ক গ্ৰন্থঃ SALVADOR DALI- Diary of a Genius- এক ধীমানৰ জীৱনপঞ্জী
(অসমীয়া ৰূপান্তৰঃ মৌচুমী কন্দলী)

Friday, June 14, 2019

অপেক্ষা

অপেক্ষাৰ দহনত বুকু মোৰ হমহমাই
অস্থিৰতাই উশাহৰ গতি বঢ়াই
প্ৰেমৰ ছৱি এখন আঁকিবলৈ
খুব হেঁপাহ আছিল...
সহাৰি বিহীনতাৰ দুখ৷

পাতবাহাৰজোপাৰ দৰে
তুমিও বহুৰঙী
সেয়ে মই বুজিব নোৱাৰিলো
তুমি বিচাৰা কি
মই যেতিয়াৰ পৰা তোমাৰ online লৈ
আগ্ৰহেৰে ৰৈ নথকা হলো
তেতিয়াৰ পৰা তুমি ofline নোহোৱাই হলা

তুমি যদি মোক ভালপাব নোৱাৰা
তেনেহলে অস্বীকাৰ নকৰিলা কিয়
মোৰ প্ৰেমৰ প্ৰস্তাৱ, দিলা যে মাথো অজুহাত৷
মই জানো, বুকুৰ নিভৃত কোণত
আছে মোৰ প্ৰতি এবুকু নিৰ্ভেজাল ভালপোৱা
কাৰণ, মোৰ প্ৰস্তাৱত
তুমি না কৰিব পৰা নাছিলা৷
শেষৰ মেচেজটো পাই যিদৰে হে হৰি বুলি
হুমুনিয়াহ কাঢ়ছিলা, সেইদৰেই মোৰ
অনুভৱৰ মাজত তুমি শিপাই থাকিবা

প্ৰেম প্ৰেম বুলি হৃদয় দিকহাৰা
নিজে দিব নোৱাৰু সঠিক ঠিকনা
এই কবিৰ লঠঙা ডালত
প্ৰেমৰ গুনগুন সুৰ এটি
তুমি আহি দিবা বুলি গুজি
আছো মই অধীৰ হৈ হৈ
শীতে কোঙা কৰা কঙাল ৰাতি...।

সপোন বিলাসী জীৱন এটাৰ ভাজত
তাই হেৰাই গল মোক বুকুৰ বিশটো গুজি দি
যন্ত্ৰণাকাতৰ মোৰ ৰাতিবোৰ নাযায় নুপুৱাই
যিবোৰ তাই আজি অনুভৱ নকৰে!


মহাভাৰত চিন্তন

কুন্তী বনাম দ্ৰৌপদী ভাৰতৰ কিছুমান আদিম জনজাতীয় সমাজত যৌথ বিবাহৰ প্ৰচলন অতীজৰে পৰা চলি আছে৷ য'ত একে মাতৃৰ সন্তানে ভাই বা ককাইৰ পত্নীৰ ...